মিছলীয়া বিজেপি, দুৰ্নীতিপৰায়ণ কংগ্ৰেছ, নিৰ্লজ্জ অগপঃ পঞ্চায়তত ভোট দিম কাক?

মিছলীয়া বিজেপি, দুৰ্নীতিপৰায়ণ কংগ্ৰেছ, নিৰ্লজ্জ অগপঃ পঞ্চায়তত ভোট দিম কাক?

♦ ডি জে ধনন্তৰি

গাঁৱে গাঁৱে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ। ৫ নৱেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলযোগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰে শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে সকলোৰে গাত তত নাইকিয়া হৈ পৰিছে। লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহহে বাকী থকাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে এই পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত যিটো দলেই আধিপত্য বিস্তাৰ কৰে সেইটো দলেই লোকসভা নিৰ্বাচনতো জয়ৰ হাঁহি মাৰিবলৈ সমৰ্থ হ'ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত। প্ৰথম পৰ্য়ায়ৰ ভোটগ্ৰহণ ৫ ডিচেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত ৯ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ২৬খন জিলাৰ ৪২০ খন জিলা পৰিষদ, ২১৯৯খন আঞ্চলিক পৰিষদৰ আসন, ২১৯৯ গাঁও পঞ্চায়তৰ সভাপতি, ২১,৯৯০ আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব সৰ্বমুঠ ১,৫৬,৪১,৪৫৬ গৰাকী ভোটাৰে।

নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক জনোৱা মতে, ২৩,৫০৫ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হ'বলগীয়া এই নিৰ্বাচনত ব্যয় হ'ব প্ৰায় ১৫০ কোটি টকা। ভোটগ্ৰহণ সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিয়োজিত হ'ব ১,৫৬,২৫৫ গৰাকী বিষয়া-কৰ্মচাৰী।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহ হৈছে কামৰূপ (মহানগৰ), কামৰূপ (গ্ৰাম্য), তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু মৰিগাঁও। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাত।

সংশোধিত পঞ্চায়ত আইন অনুযায়ী অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা ১২ ডিচেম্বৰত। নিৰ্ধাৰিত দিন অনুযায়ী অনুষ্ঠিত হ'ব নিৰ্বাচন, ফলাফলো সময়মতেই ঘোষণা কৰা হ'ব। সেয়া সকলোৱে জানে যদিও নিৰ্বাচন বুলিলেই আহি পৰে আগতীয়া সম্ভাৱনাৰ কথা। লোকসভা, বিধানসভা নিৰ্বাচনৰ দৰেকৈ পঞ্চায়ত নিৰ্বাচনতো দেখা গৈছে সেই একেই পৰিৱেশ। দিন ঘোষণা কৰাৰ লগে লগে জল্পনা-কল্পনা আৰম্ভ হৈছে বহুতৰে মাজত। বিজেপিৰ সমৰ্থকৰ মতে বিজেপিৰ জয় নিশ্চিত। কংগ্ৰেছৰ সমৰ্থকৰ দাবী বিজেপিক উৎখাত কৰি আকৌ কংগ্ৰেছে হাততালি বজাবলৈ সমৰ্থ হ'ব। অগপবাদীসকলৰ আশা অগপেই এইবাৰৰ নিৰ্বাচনত ৰাইজৰ শেষ ভৰসা।

পিছে প্ৰতিটো দলৰ সমৰ্থকসকলৰ দাবী একেলগে সঁচা হোৱাতো সম্ভৱ জানো? ইতিমধ্যে নিৰ্বাচন বুলিলে যিধৰণৰ পৰিৱেশ এটা মনলৈ আহে তেনে পৰিৱেশ এটা গঢ় লৈ উঠিছেই। কি কংগ্ৰেছ, কি বিজেপি, কি অগপ প্ৰতিটো দলৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত যুঁজ-বাগৰ আৰম্ভ হৈছে। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত এনে যুঁজ-বাগৰ দেখি চিন্তাত পৰিছে ভোটাৰ ৰাইজ। ভোট কাক দিব সেয়া দলীয় সমৰ্থকসকলক বাদ দি সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে এক জটিল প্ৰশ্ন!

বিজেপিয়ে জাতি-মাটি-ভেটি ৰক্ষা আৰু পৰিৱৰ্তনৰ শ্ল'গান আওৰাই বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। সেই বিজেপিয়ে জয় লাভৰ পিছত পৰিৱৰ্তনৰ নামত অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দি হিন্দু বাংলাদেশীৰ সপক্ষে থিয় হৈছে। কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দলটোৱে কংগ্ৰেছৰ একাংশ দুৰ্নীতিপৰায়ণ নেতা-পালিনেতাক আকোৱালি লৈ উচ্চ আসনত অধিষ্ঠিত কৰাইছে। সেয়ে বিজেপিক ভোট দিয়াৰ আগতে এবাৰ হ'লেও ভাবি চাবলৈ বাধ্য হৈ পৰিছে সাধাৰণ ভোটাৰ।

বিজেপিক ভোট নিদি কাক ভোট দিব? দুৰ্নীতি, স্বজন-তোষণ নীতিৰ বাবেই কংগ্ৰেছক দুবছৰ পূৰ্বে দিছপুৰৰ পৰা বিদায় দিছিল ৰাইজে। সেই কংগ্ৰেছে এতিয়া নিজকে ধোৱা তুলসীৰ পাত সজাই বিজেপিৰ দোষবোৰ ৰাইজক কৈ ফুৰিছে। তেনে এটা দলকো সাধাৰণ ভোটাৰে আস্থাত ল'বই বা কিদৰে?

বিজেপি বাদ, কংগ্ৰেছ বাদ। থাকিল অগপ। সেই অগপ যি অগপে জাতীয়তাবাদৰ নাম লৈ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত অকণো লজ্জা অনুভৱ নকৰাকৈ ক্ষমতাৰ বাবে আত্মসমৰ্পণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। সেই অগপ যিটো দলত আছে ৰাইজে দুটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী পতাৰ পিছতো সকলোৰে আশা-আকাংক্ষাক ভৰিৰে মোহাৰি পেলোৱা নেতা আছে। মেৰুদণ্ডবিহীন এনে এটা দলক ৰাইজে কি ভাবি ভোট দিব?

মূল দল বুলিবলৈ ৰাজ্যখনত এই তিনিটাই দল। বাকী বাওপন্থী দলৰ অস্তিত্ব প্ৰায় শূন্য। ইতিমধ্যে নতুন প্ৰজন্মৰ গৰিষ্ঠসংখ্যাকে বাই বাই দিছে বাওপন্থাক। একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে এআইইউডিএফ। এনে পৰিপ্ৰেক্ষিতত সাধাৰণ ভোটাৰে বিজেপি, কংগ্ৰেছ আৰু অগপ এই তিনিটাৰ মাজৰে কোনো এটাক বাচি ল'ব লাগিব। ৩টা বুলি ক'লেও ভুল কোৱা হ'ব। কিয়নো বিধানসভা নিৰ্বাচনত মিত্ৰজোঁট গঠন কৰা বিজেপি আৰু অগপে পঞ্চায়তত অকলশৰীয়াকৈ প্ৰতিদ্বন্দিতাত নামিব যদিও ভিতৰি ভিতৰি অব্যাহত আছে গোপন বুজাবুজি।

বিজেপি-অগপৰ বুজাবুজি উদঙাই শোণিতপুৰৰ ঢেকীয়াজুলিকে আদি কৰি একাধিক স্থানত অগপৰ তৃণমূল কৰ্মীসকলে দলত্যাগ কৰাৰ বাতৰি আহিছে। গোলাঘাট অগপৰ বিষয়ববীয়াসকলে কংগ্ৰেছহে তেওঁলোকৰ মূল প্ৰতিদ্বন্দী হ'ব বুলি দেখদেখকৈ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে। সেয়ে দুই দলৰ শীৰ্ষ নেতৃত্বই অকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি যিমানেই নিচিঞৰক কিয় সাধাৰণ ভোটাৰসকল কিন্তু পতিয়ন যাব পৰা নাই।

আনহাতে আটাইকেইটা দলতে তুংগত উঠিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। কলিয়াবৰত বিজেপি দলৰ এগৰাকী নেতাৰ গাড়ীত সংঘটিত হৈছে আক্ৰমণ। প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত দলৰে কোনো তৃণমূল পৰ্যায়ৰ নেতাই সমৰ্থকৰ হতুৱাই এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উঠিছে। বিশ্বনাথ, মৈৰাবাৰী, চামগুৰিকে আদি কৰি একাধিক স্থানত আকৌ কংগ্ৰেছ দলৰ কাৰ্যালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। প্ৰাৰ্থীত্ব লাভৰ আশা স্বাভাৱিকতেই বহুতেই কৰে। পিছে দলীয় নেতৃত্বই সেয়া নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ ফলতে এনেদৰে প্ৰতিটো দলৰ ভিতৰতে সৃষ্টি হৈছে অাভ্যন্তৰীণ কলহ। এনে কলহৰ পৰিণতিত বৃদ্ধি পাইছে দল বাগৰা কাৰ্য। কাৰ স্বাৰ্থত কোনে আঘাত কৰি কোনে কাৰ স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে সেয়া কাৰো পক্ষে জনাতো সম্ভৱ নহয়। এয়াইতো ৰাজনীতি!

বিধানসভা, লোকসভা নিৰ্বাচনতকৈয়ো জটিল পঞ্চায়তৰ ৰাজনীতি। গাঁও পৰ্যায়ৰ হোৱা বাবে চিনাকিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নামে চিনাকিজন। হয় দুয়োজনেই ভাল, নহয় দুয়োজনেই বেয়া। দুজন ভালৰ মাজত কোনজন বেছি ভাল? দুজন বেয়াৰ মাজত কোনজন বেছি বেয়া? বিবুধিত পৰে গাঁওবাসী। কাক দিব ভোট। চিনাকি বাবেই দুয়োজনে আহি ভিক্ষা কৰে ভোট। চিনাকি বাবেই দুয়োজনকে আশ্বাস দিয়ে, 'চিন্তাই নকৰিব আমি আপোনাৰ লগত আছো, আপোনাৰেই জয় হ'ব'। নিৰ্দিষ্ট দিনটোত পিছে জয় এজনৰেই হয়।

এনেদৰে এতিয়া প্ৰতিখন গাঁৱতে বিবুধিত পৰিছে ৰাইজ। তাতে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ১০০ৰো অধিক সংগঠনে চৰকাৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ। কোনো কোনো সংগঠনে আকৌ বিশেষ বিশেষ দলৰ হৈ ধৰ্মক লৈ গোপনে আৱেগিক কৰি গৈছে ভোটাৰ ৰাইজক। তাৰ মাজতে নিৰ্বাচন আয়োগ, প্ৰশাসনে যিমানেই নিৰ্দেশনা নিদিয়ক কিয় সেই অঘোষিত পৰম্পৰা অনুযায়ী টকা বিলোৱা, মদৰ বটল বিলোৱাৰ দৰে প্ৰলোভনৰ ৰাজনীতি আছেই!

মুুঠৰ ওপৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া দলকেইটাৰ সমৰ্থকসকলৰ বাদে সাধাৰণ ভোটাৰ এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ বিবুধিত পৰিছে। তেওঁলোকৰ মনত এটাই প্ৰশ্ন, 'পঞ্চায়ত নিৰ্বাচনত এইবাৰ ভোট দিম কাক? মিছলীয়া বিজেপি, দুৰ্নীতিপৰায়ণ কংগ্ৰেছ নে নিৰ্লজ্জ অগপক?'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in