পশ্চিম মাছখোৱাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি…

পশ্চিম মাছখোৱাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ, ঢকুৱাখনা: আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটো ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধেমাজি জিলা সমিতিয়েও অতি উলহ মালহেৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

সোমবাৰে এদিনীয়া কায্যসূচীৰে ধেমাজি জিলা সমিতিয়ে পশ্চিম মাছখোৱা মাণ্ডলিক সমিতি তথা বাটমাৰী আঞ্চলিক সমিতিৰ সহযোগত ঢকুৱাখনাৰ ধেনুখনা সঙ্গীতসূৰ্য ৰংগমঞ্চত আয়োজন কৰিছে এই কায্যসূচী। উদযাপন সমিতিৰ সভাপতি সতীশ দাস আৰু সম্পাদক সমুজ্জ্বল চেতিয়াই জনোৱা মতে পুৱা জিলা সভাপতি লক্ষীধৰ শেনচোৱাই পতাকা উত্তোলন কৰা পাছত শ্বহীদ তৰ্পন কায্যসূচী অনুষ্ঠিত হব।

ইয়াৰ পাছত ক্ৰমে সতীৰ্থ সোঁৱৰণ আৰু শ্বহীদ পৰিয়াল আৰু জেষ্ঠ সকলক সম্বৰ্ধনা জনোৱা হব। ১১ বজাত সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা পাছত মূল সভা উদ্বোধন কৰিব অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডঃ পৰমানন্দ সোনোৱালে। লক্ষীধৰ সেনচোৱাই সভাপতিত্বত অনুষ্ঠিত হব লগা মূল সভাখনত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়াব।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অগপৰ শীর্ষ নেতা ক্ৰমে জয়ন্ত খাউণ্ড, অচ্যুত শইকীয়া, অতুল চুতীয়া তথা নিৰ্দিষ্ট বক্তা হিচাপে তুলাৰাম গগৈ, নিৰমা বৰুৱা আৰু টিটোমণি গোহাঁই চেতিয়াই অংশগ্ৰহণ কৰিব। ইফালে নিশা দিলীপ শইকীয়া সোঁৱৰণি সাংস্কৃতিক সন্ধিয়াত অগপৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰিব "শকুনিৰ প্ৰতিশোধ" ভাওনা। কাইলৈ এই সমগ্ৰ কায্যসূচীত ঢকুৱাখনা তথা ধেমাজিবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in