পশ্চিম মাছখোৱাবাসীক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভোগালীৰ উপহাৰ…

পশ্চিম মাছখোৱাবাসীক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  ভোগালীৰ উপহাৰ…


ডিজিটেল সংবাদ: ঢকুৱাখনা:
বৃহত্তৰ পশ্চিম মাছখোৱাবাসীক ভোগালী বিহুৰ এক অনবদ্য  উপহাৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পাছপৰা শ্ৰেণী কল্যান দপ্তৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্মৰ মাজত সুপ্ত  ক্ৰীড়া প্ৰতিভা বিকশিত হোৱাৰ সহায়ক হোৱাকৈ শুক্ৰবাৰে গন্ধিয়াত এখন ব্যয় বহুল ষ্টেডিয়াম নিৰ্মান সম্পূৰ্ণ কৰি ক্ৰীড়াপ্ৰেমী ৰাইজৰ নামত উৎসৰ্গা কৰে। 

প্ৰায় ৪ কোটি ব্যয়ৰে নিৰ্মিত অত্যাধুনিক সা সুবিধা বিশিষ্ট উন্নত মানদণ্ডৰ ষ্টেডিয়ামখন আনুষ্ঠানিক ভাৱে ফিটা কাটি শুভ উন্মোচন কৰে মন্ত্ৰী ডাঃ পেগুৱে । লখিমপুৰ লোক সভা সমষ্টিৰ  সাংসদ প্ৰদান বৰুৱাৰ সহযোগিতাত  উদ্ধোধন কৰা ষ্টেডিয়ামখনৰ উন্মোচনী অনুষ্ঠানত ধেমাজি জিলা অগপৰ সভাপতি লক্ষী ধৰ সেনচোৱা , বিধান পৰিষদৰ সভাপতি তথা ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমনি গোঁহাই চেতিয়া , মণ্ডল বিজেপিৰ সভাপতি প্ৰণবজিত গগৈ ,  দুলাল দত্ত, নোমল গগৈ ,বিভিন্ন পঞ্চায়ত প্ৰতিনিধি আৰু ৰাইজ উপস্থিত থাকে।

উন্মোচনী বক্তব্য ৰাখি মন্ত্ৰী ডাঃ পেগুৱে  বিদ্যায়তনিক ভাবে এগৰাকী শিক্ষাৰ্থী আগুৱাই যোৱাৰ সমান্তৰাল ভাৱে ক্ৰীড়া ক্ষেত্ৰখনটো সমানে পাৰদৰ্শীতা প্ৰদৰ্শনৰ প্ৰাসংগিকতা সাম্প্ৰতিক সময়ত আহি পৰিছে বুলি কৈ লাভলীনা বৰগোঁহাইৰ দৰে প্ৰতিখন গাঁওৰ সুপ্ত ক্ৰীড়া প্ৰতিভা উলিয়াই অনাত এই ষ্টেডিয়ামে বৰেণ্য অৱদান আগবঢ়াই যাব বুলি মন্তব্য কৰে ।সভাত সাংসদ প্ৰদান বৰুৱায়ো চমু বক্তব্য ৰাখে। ষ্টেডিয়ামখনতে গন্ধিয়া ধেনুখণা একাদশ আৰু হাৰ্হি শিঙিয়া একাদশৰ মাজত এখন উদ্ধোধনী ফুটবল খেল অনুষ্ঠিত কৰা হয় । খেলত গন্ধিয়া ধেনুখণা একাদশ  দলে চূড়ান্ত বিজয়ীৰ সন্মান অর্জন কৰি পুৰকৃত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in