ঘোষিত ফলাফল মতে ১৪ জিলা পৰিষদহে বিজেপিৰ দখলত

ঘোষিত ফলাফল মতে ১৪ জিলা পৰিষদহে বিজেপিৰ দখলত

ডিজিটেল ডেস্কঃ ২৬খন জিলাৰ জিলা পৰিষদৰ ভিতৰত ১৪খন জিলাত বিজেপিয়ে জিলা পৰিষদ গঠন কৰাটো একপ্ৰকাৰৰ নিশ্চিত হৈছে যদিও ১২খন জিলাৰ ৮ খন জিলাত কংগ্ৰেছ, এখনত অসম গণ পৰিষদ আৰু ২খনত এ আই ইউ ডি এফে জিলা পৰিষদ গঠনৰ প্ৰবল সম্ভাৱনা আছে৷ এইটোৱে এই কথা নিশ্চিত কৰিছে যে ৰাজ্যত কংগ্ৰেছৰ অপশাসনৰ পৰিৱৰ্তনৰ শ্ল'গানেৰে ৰাজ্য শাসনৰ বাঘজৰী লোৱা বিজেপি দলৰ প্ৰতি আঢ়ৈ বছৰতে মোহভংগ ঘটিছে জনতাৰ৷

আনহাতে জিলা পৰিষদত জয়লাভৰ ক্ষেত্ৰত ৮খনকৈ জিলা পৰিষদ গঠনৰ সুযোগ লাভ কৰা বাবে কংগ্ৰেছৰ এয়া এক বৃহৎ সাফল্য বুলি দলটোৰ দাবী কৰাৰ থলো কম আছে৷ কিয়নো বহুকেইখন জিলাত অগপ-বিজেপিৰ মিত্ৰতা ভংগ আৰু এ আই ইউ ডি এফ, বিজেপি দুয়োটা দলকে সাম্প্ৰদায়িক দল বুলি ৰাইজে নাকচ কৰাৰ বাবে বিকল্পৰ অভাৱতে কংগ্ৰেছ দল এনেদৰে ৮ খন জিলা পৰিষদ গঠন কৰিব পৰাকৈ শক্তিশালী হোৱা বুলি ভৱাৰ থল আছে৷

অৱশ্যে এয়া পৰৱৰ্তী সময়ত ভোটৰ বিভাজনৰ বিতং বিশ্লেষণৰ জৰিয়তেহে সম্পূৰ্ণৰূপে স্পষ্ট হ'ব৷ বৰ্তমানলৈকে কংগ্ৰেছে জিলা পৰিষদ গঠন কৰাৰ সম্ভাৱনা থকা জিলা কেইখন- ধুবুৰী, বৰপেটা, যোৰহাট, গোৱালপাৰা, মৰিগাঁও, হোজাই, কৰিমগঞ্জ, দৰং। ইয়াৰ বিপৰীতে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ আৰু হাইলাকান্দি জিলা পৰিষদ এ আই ইউ ডি এফে গঠন কৰাৰ বিপৰীতে বঙাইগাঁও জিলা পৰিষদ অগপই গঠন কৰাৰ সম্ভাৱনা স্পষ্ট হৈছে৷

এনে প্ৰেক্ষাপটতে ক'ব পাৰি যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপি কিছু আগবাঢ়ি থাকিলেও এয়া দলটোৰ বিশেষ সাফল্য বুলি দাবী কৰাৰ কোনো থল নাই৷ প্ৰণিধানযোগ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত তিনিবাৰকৈ শাসনৰ বাঘজৰী লোৱা কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিষ্ঠানবিৰোধী থকা সত্বেও দলটোৱে ২১৯৯০ গাঁও পঞ্চায়তৰ সদস্য পদৰ ভিতৰত প্ৰায় ১৩ হাজাৰ পদ দখল কৰাৰ বিপৰীতে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত আঢ়ৈ বছৰ মাত্ৰ শাসন চলোৱা বিজেপি দলে ১০ হাজাৰ সদস্য পদো দখল কৰিব পৰা নাই৷ তৃণমূল পৰ্যায়ৰ কৰ্মী-সদস্যসকলৰ দলটোৰ প্ৰতি থকা অনাস্থা আৰু ক্ষোভৰে প্ৰতিফলন বুলিব পাৰি৷ ইফালে, কাছাৰ জিলাৰ ২৭ জিলা পৰিষদৰ ১৭ খনৰহে ফলাফল ঘোষণা কৰা হৈছে৷ ইয়াৰে বিজেপিয়ে ১২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৫খন আসন৷

জিলা পৰিষদ গঠনৰ বাবে সংখ্যাৰ নাটনি পূৰাবলৈ হৰ্ছ ট্ৰেডিঙৰ আশ্ৰয় লোৱাৰ আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছৰ দখললৈ যোৱা মৰিগাঁও জিলাকে ধৰি অন্যান্য জিলাৰ একাংশ কংগ্ৰেছ কৰ্মী তথা ৰাইজে। উল্লেখযোগ্য যে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত সভাপতি বাচনিৰ বাবে ভোট দান কৰোঁতে দলীয় পৰিচয়ৰ বাধ্যবাধকতা নাথাকে। সেয়ে কোনো দলেই হুইপ জাৰি কৰি নিজৰ নিৰ্বাচিত প্ৰতিনিধিক দলৰ সপক্ষে ভোট দিবলৈ বাধ্য কৰাব নোৱাৰে। শেহতীয়া খবৰ মতে, এনে সুযোগ গ্ৰহণ কৰিয়েই মৰিগাঁও জিলা পৰিষদ গঠনৰ বাবে বিৰোধী দল কংগ্ৰেছৰ দুই নিৰ্বাচিত সদস্যক বিজেপিৰ পৰিষদ গঠনৰ সপক্ষে নিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ হোৱা বুলিও অভিযোগ উঠিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in