পঞ্চায়ত নিৰ্বাচনত কোন দলে ক’ত লাভ কৰিলে কিমান আসন?

পঞ্চায়ত নিৰ্বাচনত কোন দলে ক’ত লাভ কৰিলে কিমান আসন?

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত আন দলৰ তুলনাত অধিক আসন লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় জনতা পাৰ্টিয়ে। গাঁও পঞ্চায়তৰ সদস্যৰ মুঠ ২১৯৯০খন আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে ২০৩৬২ আসনৰ ফলাফল বৰ্তমান পৰ্যন্ত ঘোষণা হৈছে। ২০৩৬২খন আসনৰ বিজেপিয়ে লাভ কৰে ৮৪৮৭খন আসন। ঠিক তেনেদৰে কংগ্ৰেছ দলে লাভ কৰে ৬৭৪০খন আসন, অসম গণ পৰিষদে লাভ কৰে ১৪৯৬খন আসন, চি পি আয়ে লাভ কৰে ৪খন, চি পি আই(এম)য়ে লাভ কৰে ৩১খন আসন, চি পি আই (এম এল)য়ে ৪খন, এ আই ইউ ডি এফে ১০০১খন, বি পি এফে ৫৪খন, নিৰ্দলীয় প্ৰাৰ্থীয়ে ২৫৪৩খন, তৃণমূল কংগ্ৰেছে ২খন আসন।

ৰাজ্যখনৰ মুঠ ২৬খন জিলা আৰু ১৪টা মহকুমাত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল এই পঞ্চায়ত নিৰ্বাচন। বিভিন্ন জিলা তথা মহকুমাৰ গাঁও পঞ্চায়তৰ  সদস্যৰ ক্ষেত্ৰত ফলাফলসমূহ এনেধৰণৰ-

ইফালে মুঠ ২১৯৯ টা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে হৈছিল এই নিৰ্বাচন। ইয়াৰে ২১২২খন আসনৰ ফলাফল বৰ্তমানলৈকে ঘোষণা হৈছে। গাঁও পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰতো গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হয় বিজেপিয়ে। দলটোৱে মুঠ আসনৰ ৯৭৩খন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৭৩২খন, অগপই ১২৫খন, চি পি আই(এম)য়ে ১খন, এ আই ইউ ডি এফ ১২৫খন, বি পি এফে ২খন, নিৰ্দলীয়ই ১৬৪খন আসন লাভ কৰে।

ইয়াৰ সমান্তৰালকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতো মুঠ ২১৯৯খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ইয়াৰে ঘোষণা হোৱা আসনৰ পৰিমাণ ২১১৩খন। মুঠ আসনৰ ১০০১খন আসন লাভ কৰে বিজেপিয়ে। ৭৩১খন কংগ্ৰেছ, ১০৫খন অগপ, চি পি আই(এম)য়ে ১খন, এ আই ইউ ডি এফে ১৩৮খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ১৩৭খন আসন।

জিলা পৰিষদৰ ক্ষেত্ৰতো মুঠ ৪২০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে সৰ্বাধিক ২০৫খন। কংগ্ৰেছে লাভ কৰে ১৪২খন, অগপই ১৮খন, এ আই ইউ ডি এফে ২৫খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ১৪খনকৈ আসন। 

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ অন্তত এটা কথা স্পষ্ট হ'ল যে- এই নিৰ্বাচনত সকলোতকৈ অধিক আসন দলটোৱে লাভ কৰিছে যদিও কেন্দ্ৰ তথা ৰাজ্যত শাসনত থকা দলটোৰ বাবে এইয়া আত্মসন্তুষ্টিৰ বাদে আন একো নহয়। কিয়নো দলটোৱে নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সকয়তে যি ধৰণেৰে হেলিকপ্টাৰ উৰুৱাই ধনৰ শৰাধ পাতিছিল সেই অনুপাতে তেওঁলোকে আসন লাভ নকৰিলে। তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত বিভিন্ন পদত লাভ কৰা আসনৰ পৰিমাণ মুঠ আসনৰ আধাতকৈও কম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in