তৃতীয় দিনাও অব্যাহত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

তৃতীয় দিনাও অব্যাহত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

ডিজিটেল ডেস্কঃ তৃতীয় দিনাও অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। বৰ্তমানেও সম্পূৰ্ণ ফলাফল জানিবলৈ পোৱা নাই ৰাজ্যবাসীয়ে। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই জানিবলৈ দিয়া মতে, ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ এই ভোটগণনা আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ হ'ব। শুকুৰবাৰে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল এখন সংবাদমেল। এই সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই উপস্থিত হৈ কয়- এতিয়ালৈকে ২৮খন জিলা, মহকুমাৰ পৰা নিৰ্বাচনী ফলাফল আহিছে। কাছাৰ আৰু ধুবুৰীত এতিয়াও ভোটগণনা অব্যাহত আছে।

উল্লেখ্য যে, ২১,৯৯০টা ৱাৰ্ড সদস্যপদৰ ভিতৰত ১৭,৬৭৭টাৰ ফলাফল ঘোষণা কৰা হৈছে। শতাংশ হিচাপত এই হাৰ ৮০.৩৮%। ইয়াৰে অগপই ১৩৭২টা, বিজেপিয়ে ৭৫৪০টা, কংগ্ৰেছ ৫৮৯৬টা, চিপিআই ৩, চিপিআই (এম) ২৭টা, চিপিআই (এম এল)ৰ ৭টা, এ আই ইউ ডি এফে ৭৫৫টা, বিপিএফে ৪৭টা, তৃণমূল কংগ্ৰেছে ২টা আৰু নিৰ্দলীয়ই ২০২৮টা পদত জয়ী হৈছে।

ইফালে, পঞ্চায়ত সভাপতিৰ মুঠ ২,১৯৯টা পদৰ ১,৮৮১টাৰ ফল ঘোষণা হৈছে। অৰ্থাৎ মুঠ ৮৫.৫% সম্পূৰ্ণ হৈছে। তাৰ ভিতৰত অগপই ১১০টা, বিজেপিয়ে ৮৬৭টা, কংগ্ৰেছে ৬৪৫টা, চিপিআই (এম) ১টা, এ আই ইউ ডি এফে ১০৬টা, বিপিএফে ২টা আৰু নিৰ্দলীয়ই মুঠ ১৫০টাত জয়ী।

ঠিক একেদৰে, মুঠ ২,১৯৯টা পদৰ ভিতৰত ১৮৬০টাৰ ফল ঘোষিত হৈছে আঞ্চলিক পঞ্চায়ত সদস্যৰ পদৰ। শতাংশ হিচাপ এয়া ৮৫.৫৮%। ইয়াৰে অগপই ৯৬টা, বিজেপিয়ে ৮৮৩টা, কংগ্ৰেছ ৬৪৫টা, চি পি আই (এম)য়ে ১টা, এ আই ইউ ডি এফে ১১১টা আৰু নিৰ্দলীয়ই ১২৪টাত জয়ী। লগতে জিলা পৰিষদ সদস্যৰ মুঠ ৪২০টা পদৰ ভিতৰত ৩৪৭টাৰ ঘোষণা হৈছে ফলাফল। ইয়াৰ ভিতৰত অগপই ১৫টা, বিজেপিয়ে ১৮১টা, কংগ্ৰেছে ১২২টা, এ আই ইউ ডি এফে ১৫টা আৰু নিৰ্দলীয়ই ১৪টাত জয়ী হৈছে।

লক্ষণীয় যে, পঞ্চায়ত নিৰ্বাচনত সৃষ্টি হোৱা বিসংগতিৰ বাবে মুঠ ৯৭টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পুনৰ ভোটগ্ৰহণ পৰ্ব। ইয়াৰে ৯৫টা কেন্দ্ৰত ইতিমধ্যে ভোটগ্ৰহণ সম্পূৰ্ণ হ'ল যদিও বৰ্তমান বাকী থকা আন দুটা ভোটকেন্দ্ৰত শনিবাৰে কৰা হ'ব ভোটগ্ৰহণ। গহপুৰৰ বৰতামুলীগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত আৰু হাইলাকান্দিৰ দৰিয়াৰঘাট কাৰিচেৰা গাঁও পঞ্চায়তৰ শ্যামপুৰ এম ই ইনষ্টিটিউট ভোটকেন্দ্ৰত হ'ব এই ভোটগ্ৰহণ। ইয়াৰোপৰি, ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয়- এইবাৰ ভোটগণনা লেহেমীয়া হোৱাৰ কাৰণ বেলট পেপাৰৰ ব্যৱহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in