গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্তই প্ৰদান কৰা নিৰ্দেশ নামানে কনিষ্ঠ বিষয়াইঃ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ প্ৰাককলন বন্ধ কৰাৰ নিৰ্দেশ

গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্তই প্ৰদান কৰা নিৰ্দেশ নামানে কনিষ্ঠ বিষয়াইঃ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ প্ৰাককলন বন্ধ কৰাৰ নিৰ্দেশ

ডিজিটেল সংবাদ দুমুনিচকী: অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মান কৰাৰ বাবে ৰাজ্যখনৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰিয়ে প্ৰদান কৰা নিৰ্দেশনাক কামৰূপ জিলাৰ প্ৰকল্প সঞ্চালক পৰাগ কুমাৰ কাকতিৰ লগতে ভাৰপ্ৰাপ্ত সহকাৰী অভিযন্তা অপূৰ্ব বৰুৱাই চৰম ভাবে অৱজ্ঞা কৰাৰ তথ্য অসমীয়া প্ৰতিদিনৰ আগত ফাদিল হৈ পৰিছে। আনকি বিভাগটোৰ আয়ুক্তৰ তৰফৰ পৰা গৃহ নিৰ্মাণৰ বাবদ হবলগীয়া খৰছৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো পুনৰ ধনৰ পৰিমান অতিৰিক্তকৈ বঢ়াই প্ৰাককলন প্ৰস্তুত কৰা হয়। ফলত বিষয় সম্পৰ্কে আয়ুক্তৰ কাৰ্যালয় অবগত হোৱাত উক্ত প্ৰাককলন বাতিল কৰাৰ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত আমাৰ হাতত পৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায়বোৰ জিলাত অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে গ্ৰামোন্নয়ন অৰু পঞ্চায়ত বিভাগে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। সেই মৰ্মে উক্ত আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজনীয় নিয়মাৱলী সন্নিৱিষ্ট কৰাৰ উপৰি অংগনবাড়ী গৃহ নিৰ্মানৰ বাবদ হবলগীয়া খৰছ নিৰ্ধাৰণ কৰি গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰিয়ে স্বাক্ষৰ কৰা পত্ৰ নং CPRD/MGNREGA/1/2019/441 খন প্ৰত্যেক জিলাৰ কাৰ্যবাহী বিষয়াৰ লগতে প্ৰকল্প সঞ্চালকলৈ প্ৰেৰণ কৰ হয়। আৰু লগতে উক্ত পত্ৰখন অনুসৰণ কৰি পৰ্যায়ক্ৰমে পৰবৰ্ত্তী কাৰ্যসূচী ৰূপায়ণ কৰাৰ আহ্বান জনাই। ইয়াৰ উপৰি পত্ৰত আনুষংগিক বিষয় সমুহ সংলগ্ন কৰি গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ বাবদ ৫ লাখ টকা ধাৰ্য্য কৰা হয়।

এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ণ হব লগীয়া অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম আয়ুক্তয় নিৰ্ধাৰণ কৰা অনুসৰি বিভিন্ন জিলাত নিৰ্মীয়মান অৱস্থাত আছে। কিন্তু কামৰূপ জিলাৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ে গৃহ নিৰ্মাণৰ খৰছৰ বাবদ আয়ুক্ত বিক্ৰম কৈৰিয়ে ধাৰ্য্য কৰি দিয়া ৫ লাখ টকাৰ পৰিবৰ্তে খৰছৰ পৰিমাণ বঢ়াই ৭ লাখ টকাকৈ প্ৰাককলন প্ৰস্তুত কৰি ৰাজ্য খনৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্তৰ নিৰ্দেশনাক চৰমভাবে অৱজ্ঞা কৰে। বিষয় সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব জে বি এক্কাৰ লগতে আয়ুক্তৰ কাৰ্যালয় অবগত হয়।

এই সন্দৰ্ভত আয়ুক্তৰ কাৰ্যালয়ৰ যুতীয়া সঞ্চালক চিন্ময় প্ৰকাশ ফুকনৰ পৰা জানিব বিচৰাত বিষয়া গৰাকীয়ে ৭ লাখ টকা খৰছ হোৱাকৈ প্ৰস্তুত কৰা প্ৰাককলন খন আজি এক নিৰ্দেশ যোগে তাৎক্ষণিকভাবে বাতিল কৰিবলৈ দিয়া বুলি জানিবলৈ দিয়ে। ইফালে আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশনাক অৱজ্ঞা কৰি খোদ কামৰূপ জিলাৰ প্ৰকল্প সঞ্চালক পৰাগ কুমাৰ কাকতি আৰু ভাৰপ্ৰাপ্ত সহকাৰী অভিযন্তা অপূৰ্ব বৰুৱাই স্বাক্ষৰ কৰি নিজ মই মতালিৰে প্ৰস্তুত কৰা প্ৰাককলন সম্পৰ্কে জানিব বিচৰাত প্ৰকল্প সঞ্চালক কাকতিয়ে বৰ্তমান সময়তো অংগনবাড়ী গৃহ নিৰ্মাণৰ বাবে সঠিক ধন নিৰ্ধাৰণ কৰা হোৱা নাই বুলি আশ্চৰ্যকৰ মন্তব্য কৰে।

উল্লেখনীয় বিষয় এয়াই যে ৰাজনৈতিক আশিস লাভ কৰি বেজেৰা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বৰ উপৰি প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়টো ভাৰপ্ৰাপ্ত সহকাৰী অভিযন্তা হিচাপে দায়িত্ব গ্ৰহণৰ সুযোগ লাভ কৰা অপূৰ্ব বৰুৱা আৰু প্ৰকল্প সঞ্চালক কাকতিয়ে কাৰ বলত বলিয়ান হৈ আয়ুক্তৰ নিৰ্দেশনাক আওকাণ কৰি প্ৰাককলন প্ৰস্তুত কৰাৰ সাহস লাভ কৰিছে সেয়া অনাগত সময়ত স্পষ্ট হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in