পঞ্চায়ত নিৰ্বাচনলৈ মাজত ২দিন, পঢ়ক সবিশেষ খবৰ

পঞ্চায়ত নিৰ্বাচনলৈ মাজত ২দিন, পঢ়ক সবিশেষ খবৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৫ ডিচেম্বৰত প্ৰথম পৰ্যায় আৰু ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ'ব। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যৰ ১১টা মহকুমাৰ লগতে ১৬খন জিলাত। মুঠ ৪৩,৫১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই নিৰ্বাচনত। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ১৬খন জিলা ক্ৰমে- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ (মহানগৰ) আৰু কামৰূপ। ইয়াৰ লগতে ১১টা মহকুমা ক্ৰমে- মাৰ্ঘেৰিটা, শদিয়া, নাজিৰা, তিতাবৰ, ধনশিৰি, বোকাখাত, কলিয়াবৰ,জোনাই, ঢকুৱাখানা, গহপুৰ আৰু ৰঙিয়া।

৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন মুঠ ৩টা মহকুমাৰ লগতে ১০খন জিলাত অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলা কেইখন ক্ৰমে- নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই। ইফালে, তিনিটা মহকুমা ক্ৰমে- বজালী, উত্তৰ শালমাৰা আৰু বিলাসীপাৰা।দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ৩৬,৩১৭গৰাকী প্ৰাৰ্থীয়ে।

দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৫৬,৪১,৪৫৬গৰাকী ভোটাৰে। ইয়াৰ বাবে সাজু কৰি তোলা হৈছে ২৩,৫০৫টা ভোটকেন্দ্ৰ। ২৬খন জিলাৰ ৪২০খন জিলা পৰিষদ, ২১৯৯খন আঞ্চলিক পৰিষদৰ আসন, ২১৯৯খন গাঁও পঞ্চায়ৰ সভাপতিৰ আসন, ২১৯৯০জন আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইতিমধ্যেই বিজেপিৰ ২৫০জন, কংগ্ৰেছৰ ১০৬জন, অসম গণ পৰিষদৰ ১৫জন, এ আই ইউ ডি এফৰ ৩ জন, বিপিএফৰ ৩জন, নিৰ্দলীয়ভাৱে ৬৫জন প্ৰাৰ্থীয়ে বিনাপ্ৰতিন্দ্বিতাৰে জয়ী হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ২৯২জন প্ৰাৰ্থী। তাৰে ১৩০গৰাকী বিজেপিৰ, ৮৭গৰাকী কংগ্ৰেছৰ, ১৩গৰাকী অগপৰ, ৭গৰাকী এ আই ইউ ডি এফৰ, এগৰাকী চিপিআইএমৰ, দুগৰাকী বিপিএফ আৰু ৫২গৰাকী নিৰ্দলীয়।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ মনোনয়ন পত্ৰ দাখিল হৈছিল ৪৪,৭৩১খন। ইয়াৰে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ সংখ্যা ৪৩,৫১৫জন। ভিন্ন কাৰণত প্ৰত্যাহাৰ কৰা মনোনয়ন পত্ৰৰ সংখ্যা ১২১৬খন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল মুঠ ৩৬,৩১৭গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে প্ৰতিদ্বন্দ্বিতাত নামিছে ৩৫০৫৬গৰাকী প্ৰাৰ্থী। প্ৰত্যাহাৰ হোৱা মনোনয়ন পত্ৰৰ সংখ্যা ১২৬৩খন।

পঞ্চায়ত নিৰ্বাচন তদাৰক কৰিবৰ বাবে ১,৫৬,২৫৫গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰিছে চৰকাৰে। উল্লেখ্য যে, এই নিৰ্বাচনত ব্যয় হ'বলগীয়া মুঠ ধনৰ পৰিমান ১৪৯,৯১,৪০,৯০৫টকা। ৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। যদি পৰিস্থিতিগত কাৰণত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হয় তেন্তে ৭ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰিব নিৰ্বাচন আয়োগে। যদি ৯ ডিচেম্বৰত  হ'বলগীয়া দ্বিতীয় পৰ্যায়তো পৰিস্থিতিগত কাৰণত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হয় তেতিয়াহ'লে ১১ ডিচেম্বৰত নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব ভোটগ্ৰহণ।

পূৰ্বৰ তুলনাত এই বৰ্ষত ২১.৪৩ শতাংশ বৃদ্ধি পাইছে ৰাজ্যৰ ভোটাৰৰ সংখ্যা। ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া মুঠ ১,৫৬,৪১,৪৫৬গৰাকী ভোটাৰৰ ৮১,২৩,৮৩৫গৰাকী পুৰুষ ভোটাৰ আৰু ৭৫,১৭,৬২১গৰাকী মহিলা ভোটাৰ। ভোটগ্ৰহণ হ'বলগীয়া মুঠ ২৩৫০৫টা ভোটকেন্দ্ৰৰ ভিতৰত ৩,৬৬৫টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ, ৮,২৪৩টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ আৰু ১১,৫৯৭টা ভোটকেন্দ্ৰ তুলনামূলকভাৱে নিৰাপদ। উল্লেখ্য যে ১২ ডিচেম্বৰত ঘোষণা কৰা হ'ব এই নিৰ্বাচনৰ ফলাফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in