পেনচাক চেম্পিয়নশ্বিপত ব্ৰঞ্জ জয়ী পম্পী দেউৰীক নাৰায়ণপুৰত দল-সংগঠনৰ আদৰণি

পেনচাক চেম্পিয়নশ্বিপত ব্ৰঞ্জ জয়ী পম্পী দেউৰীক নাৰায়ণপুৰত দল-সংগঠনৰ আদৰণি

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ শ্ৰীনগৰৰ শ্বেৰ-আই-ইনডৰ ষ্টেডিয়ামত ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা চতুৰ্থ পেনচাক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা পম্পী দেউৰীক আজি দেউৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে গৃহভূমি নাৰায়ণপুৰত বিপুল আদৰণি জনায়৷

গৃহাভিমুখে ৰাওনা হোৱা পম্পীক দেউৰী ছাত্ৰ সন্থাৰ নেতৃত্বত অনেক শুভাকাংক্ষীয়ে হাৱাজানৰ পৰা নাৰায়ণপুৰলৈ প্ৰায় ১১ কিলোমিটাৰ পথ বিশাল সমদলেৰে আদৰি আনে। কোটি কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা যুব শ্বুটাৰ হৃদয় হাজৰিকাৰ পিছত অন্য এগৰাকী নাৰায়ণপুৰীয়া সন্তান পম্পী দেউৰীয়ে পুনৰবাৰ উজলাই তুলিলে অসম তথা দেশৰ নাম।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কুণ্ডিল নগৰৰ বৈদ্যনাথ দেউৰী আৰু প্ৰয়াত অমৃতপ্ৰভা দেউৰীৰ কন্যা পম্পী দেউৰীয়ে বুধবাৰে অনুষ্ঠিত হোৱা চিলেট পেনচাক ছেমি ফাইনেলৰ ৫০-৫৫ কেজি শাখাত অংশগ্ৰহণ কৰি ছিংগাপুৰৰ বিনটে জুলকিফ্লিৰ হাতত পৰাস্ত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে,পম্পীয়ে ২০১৫ চনত জুনিয়ৰ পেনচাক ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত নেশ্যনেল চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৬ চনত বিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনচাক চেম্পিয়নশ্বিপত ৰূপৰ পদক, ২০১৭ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত দ্বিতীয় জুনিয়ৰ পেনচাক ফেডাৰেশ্যন কাপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত হোৱা নেচেনেল বিচ পেনচাক চিলেট চেম্পিয়নশ্বিপ ২০১৮ ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

পম্পীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত খেলাৰ সুযোগ পোৱাৰ পিছতো ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ অনুমতি নোপোৱা বাবে থমকি ৰ'বলগীয়া হোৱাৰ ঘটনাই পৰিয়ালৰ লগতে নাৰায়ণপুৰৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও আজি পম্পীৰ এই সফলতাত নাৰায়ণপুৰবাসী উৎফুল্লিত হৈ পৰিছে।

দেউৰী স্বায়ত্ব পৰিষদৰ তৰফৰ পৰাও বিপুল আদৰণি জনোৱা হয় পম্পীক। মোটা অংকৰ ধন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in