পল্টন বজাৰ ৰেল ষ্টেচনত চাহ বিক্ৰী কৰা এজন এচিএছ বিষয়া! তেওঁঁৰ সঁচা কাহিনী কি?

পল্টন বজাৰ ৰেল ষ্টেচনত চাহ বিক্ৰী কৰা এজন এচিএছ বিষয়া! তেওঁঁৰ সঁচা কাহিনী কি?

পল্টন বজাৰ ৰেল ষ্টেচনৰ সমীপত এজন এ চি এছ বিষয়াই চাহ বিক্ৰী কৰে। এল অ' চি কেলেংকাৰীত অভিযুক্ত হৈ সৰ্বস্বান্ত হ'ল তেওঁ। পৰিচয় গোপনে ৰখাই তেওঁ সাধাৰণ চাইৱালাৰ ৰূপত নিশা ওলাই আহে উপাৰ্জনৰ বাবে। এই খবৰ দিছিল আমাক এজনে। ১৯৬৯চনতে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল হেনো তেওঁ। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হৈ মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

এজন চাইৱালা। নিশা তেতিয়া ২ বাজিছিল। পল্টনবজাৰ ৰে'লৱে ষ্টেচনত তেওঁ চাহ বিক্ৰী কৰি আছিল। ৰঙা চাহ বাকিয়েই তেওঁ আন এজন চাইৱালাক গালি পাৰিছিল- 'তেওঁ ১ নম্বৰৰ মিছলীয়া।' যিজন চাইৱালাক এইজন চাইৱালাই গালি পাৰিছে, সেইজন আন কোনো নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সেমেকা বতাহ আৰু নিশাৰ গভীৰতাৰ মাজত তেওঁৰ শব্দবোৰৰ মাজত পৰিস্ফূত হোৱা ক্ষোভৰ উদ্বগীৰণ ঘটিছিল তেতিয়া। আমি সাধাৰণভাৱে তেওঁৰ কাষলৈ গৈছিলো। দুফালে দুটা ম'বাইল লৈ আগৰ পৰাই সাজু হৈ আছিল ৰাজৰ্ষি আৰু ডিম্পুল। কিয়নো এইজন চাইৱালাও কম চাইৱালা নহয়। এ চি এছ এৰি চাহৰ দোকান দিয়া চাইৱালা।

তেওঁক মোডীক গালি পাৰি গ'ল- '১ নম্বৰ মিছলীয়া নৰেন্দ্ৰ মোডী।' আৰু তেওঁক সুধিছিলো- অসমৰ মুখ্যমন্ত্ৰী জাতীয় নায়কনে? তেওঁ উচ্চ স্বৰতে কৈছিল- 'জাতীয় নায়ক? বদন তেওঁ বদন।'

৩ মাহ মানৰ আগতে আমাক এজন ব্যক্তিয়ে খবৰ দিছিল এই ব্যক্তিজনৰ বিষয়ে। আমি কেবাবাৰো গৈছিলো তেওঁৰ খবৰ ল'বলৈ। তেওঁৰ বিষয়ে শুনি আমাৰ দুখ লাগিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল হেনো তেওঁ। অসম জোকাৰি যোৱা এল অ' চি কেলেংকাৰীত তেওঁ অভিযুক্ত হৈছিল।  কৃষি বিশ্ববিদ্যালয়ৰ পৰা ওলাই তেওঁ অসম অসামৰিক সেৱাত যোগ দিছিল। এল অ' চি কেলেংকাৰীত তেওঁ সৰ্বস্বান্ত হ'ল। ঘৰ-পৰিয়াল সকলো হেৰাল। আৰু এতিয়া মন গ'লেই নিশা ডেৰ-দুই বজাত খোলেহি সৰু এখন চাহৰ দোকান। সেয়াই তেওঁৰ উপাৰ্জনৰ পথ।

আমাক যিজন ব্যক্তিয়ে খবৰ দিছিল, তেওঁৰ সৈতে গৈ এদিন তেওঁৰ সৈতে কথা পাতিছিলো। কিন্তু সেইদিনা আমাৰ হাতত নাছিল কেমেৰা। এইবোৰ দৃশ্য বন্দী কৰাৰ বাবে আমি সাজু হৈ যোৱা নাছিলো। তাৰ পাছত আৰু কেবাবাৰো তেওঁক বিচাৰি গৈ বিফল হৈছিলো। পল্টন বজাৰ ৰে'লৱে ষ্টেচনৰ ৰিজাৰ্ভ বেংকৰ ফালে থকা চাহৰ দোকানবোৰৰ মাজতে তেওঁৰ দোকান। কিন্তু তেওঁ নিয়মীত নাহে। ডেৰ-দুই বজাতহে খোলে চাহৰ সৰু দোকানখন। সেই ঠাইতে দোকান দিয়া আন এজন দোকানীক তেওঁ আহিলে খবৰ দিবলৈ কৈ আহিছিলো।

দোকানীজনে আমাক খবৰ দিলে- তেওঁ চাহৰ দোকান খুলিছে। আমি গৈ তেওঁক সাধাৰণ গ্ৰাহক হিচাপে কথা পাতিলো। কৈ গ'ল তেওঁৰ জীৱনৰ কাহিনী। ১৯৬৯চনতেই তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল। তেওঁৰ মুখেৰেই শুনক সেই কাহিনী-

চাকৰি তেওঁ নকৰিলে। তেওঁ আমাক ক'লে- ১৯৬৯চনৰ পৰা ১৯৭২চনলৈ তেওঁ আছিল অসম কৃষি বিশ্ববিদ্যালয়ত। আমি ভাবিলো, হয়তো কথাবোৰ তেওঁ খুলি ক'ব বিচৰা নাই। তেওঁৰ সৈতে চাহ খাই কথা পাতি গ'লো। এনে জীৱনো থাকিব পাৰেনে? ইমান উচ্চ শিক্ষিত এজন ব্যক্তি। কিহৰ বাবে তেওঁৰ এই অৱস্থা আজি? আমাক যিজন ব্যক্তিয়ে খবৰ দিছিল, তেওঁৰ আগতো এইজন ব্যক্তিয়ে কৈছিল দুখৰ কাহিনী। আমি নিজেও এবাৰ তেওঁৰ সৈতে পাতিছিলো এই কথা। তেতিয়াও তেওঁ কৈছিল- কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত অসামৰিক সেৱাত যোগ দিছিল। এল অ' চি কেলেংকাৰীৰ বাবে তেওঁৰ এই দশা। শুকুৰবাৰৰ নিশা তেওঁৰ কথাবোৰ কিছু সলনি হৈছিল। হয়তো বাৰে বাৰে ক'ব বিচৰা নাছিল এইবোৰ কথা। তেওঁৰ নাম সুধিছিলো আমি। নাম তেওঁৰ চন্দ্ৰকান্ত গোস্বামী। পূৰ্বতে তেওঁৰ পৰিচয় আমি লৈছিলো। এল অ' চি কেলেংকাৰীৰ সেই সময়ত বাতৰি পৰিবেশন কৰা এজন প্ৰবীণ সাংবাদিকৰ পৰা চন্দ্ৰকান্ত গোস্বামী নামৰ কোনোবা বিষয়া এই কেলেংকাৰীৰে নাম সাঙোৰ খাইছিল নেকি বুলি জানিব বিচাৰিছিলো। তেওঁ দুদিন সময় লৈছিল। উত্তৰ আহিছিল- তেনে কোনো বিষয়াৰ কথা তেওঁ নাজানে।

ৰাসায়নিক সাৰৰ কথা কৈছিল তেওঁ। তেওঁক সুধিছিলো- আপোনালোকে এগ্ৰিকালছাৰ পঢ়াৰ সময়ত যথেষ্ট ডিমান্ড আছিল। তেওঁ ক'লে- হয়, পাছ কৰি ওলালেই চাকৰি। এ পি এছ চি পৰীক্ষাও দিব নালাগে তেতিয়া। চাহৰ দোকানখনৰ ইটো-সিটো কৰি তেওঁ আমাক কথাবোৰ কৈ গ'ল-

এক অদ্ভূত চৰিত্ৰৰ মানুহ এইগৰাকী। তেওঁ নকলে, কোনে ধৰিব পাৰে তেওঁ এগ্ৰিকালছাৰ পঢ়া। এল অ' চি কেলেংকাৰীত চাকৰি যোৱা। দেশ আৰু ৰাজনীতিৰ খবৰ তেওঁ ঠিকেই ৰাখে। ক'লা ধনৰ প্ৰসংগ তেওঁ নিজেই উলিয়ালে। ইংৰাজীত কথাবোৰ ক'বলৈ চেষ্টা কৰিলে। প্ৰশ্ন কৰিলে- ক'ত সেই মোডীয়ে দিম বুলি কোৱা ধন? আমি তেওঁৰ ইংৰাজী বুজিব নোৱাৰিলো। তেওঁক ক'লো- অসমীয়াতে কওঁকচোন আপুনি কথাবোৰ।

আমি তেওঁক বাৰে বাৰে সুধিছিলো তেওঁৰ পঢ়া-শুনাৰ কথা। তেওঁক কৈছিলো- আপোনাক এজন সাধাৰণ চাহ দোকানী যেন লগা নাই। তেওঁ স্বীকাৰ কৰিছিল সেই কথা, সাধাৰণ চাহ দোকানী তেওঁ নহয়। কোনে ভাবিব, এনে এজন লোকে চাহ দোকান দি আছে ইয়াত। আৰু যেতিয়া তেওঁৰ সৈতে কথা পাতিলো, তেতিয়া তেওঁৰ কথা-বতৰাই আপোনাক মোহিত কৰিব।

এগ্ৰিকালছাৰ, চাকৰি, ৰাজনীতি, দুৰ্নীতি, মোডী, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি কথাবোৰ তেওঁ কৈ গৈছিল। এগ্ৰিকালছাৰ পঢ়োতে তেওঁৰ প্ৰিয় বিষয় আছিল এগ্ৰ'নমী। হৰটিকালছাৰ, প্লেন্ট প্লেথ'লজী, পি বি জি আদি বিষয়বোৰৰ কথা তেওঁ নকলে।

আমি তেওঁক উপৰ্যুপৰি প্ৰশ্ন কৰিলো। যিজন লোকে তেওঁৰ খবৰ প্ৰথম দিছিল, তেওঁলৈ যোগাযোগৰ চেষ্টা কৰিলো। নিশা তেতিয়া ৩.৩০ বাজিছিল। আমাৰ প্ৰশ্নৰ উত্তৰত তেওঁ মুখ খুলি দিলে। আমাক ক'লে এইবোৰ কথা-

এইদৰে মানুহক এগ্ৰিকালছাৰ পঢ়া, পূৰ্বতে এ চি এছ বিষয়া আছিল বুলি কোৱা এই লোকজনৰ আচল পৰিচয় আমি উলিয়ালো। তেওঁ স্বীকাৰ কৰিলে- তেওঁ কোনো এগ্ৰিকালছাৰ পঢ়া নাছিল, এ চি এছ অফিচাৰো নাছিল তেওঁ। মানুহৰ পৰা অনুকম্পা আদায়ৰ বাবে তেওঁ এই অভিনয় কৰে, মিছা মাতে। দুই-একক তেওঁ এনেদৰেই ঠগিছে।

আমাৰ উদ্দেশ্য তেওঁক বিপদত পেলোৱাতো নাছিল। আমাৰ উদ্দেশ্য আছিল- সঁচাকৈয়ে এজন কৃষি বিজ্ঞান অধ্যয়ন কৰি এ চি এছ অফিচাৰ হোৱা মানুহে চাহ দোকান দি জীৱন অতিবাহিত কৰিছে নেকি, তাক বিচাৰি উলিওৱা। কিছু সময়ৰ প্ৰয়োজন হ'ল, কিন্তু সত্য পোহৰলৈ আহিল। তেওঁ আমাৰ আগত স্বীকাৰ কৰিলে- তেওঁ এগ্ৰিকালছাৰ পঢ়া নাছিল, অষ্টম শ্ৰেণীলৈকেহে পঢ়িছিল তেওঁ। এল অ' চিত অভিযুক্ত হৈ চাকৰি যোৱা এই কল্পকাহিনীকো তেওঁ মানুহৰ আগত প্ৰায়ে কয়।

বহুতে বিশ্বাস কৰে তেওঁৰ কাহিনী। ছ'চিয়েল মিডিয়াতো এওঁৰ জীৱন সংগ্ৰামক লৈ চলিছিল চৰ্চা। কিন্তু সঁচা কথাতো হ'ল- চন্দ্ৰকান্ত গোস্বামী নামৰ এইজন লোক অষ্টম শ্ৰেণীলৈকে পঢ়া। পথাৰ পৰিচালনা সমিতিৰ সৈতে জড়িত কিছু বিষয়-ববীয়াৰে তেওঁৰ সম্পৰ্ক আছিল। কৃষি বিজ্ঞানৰ বিষয়ে দুই-এটা কথা সেয়ে জানে। ইয়াৰ সুযোগ লৈয়ে তেওঁ মানুহক কৈ ফুৰে এই চলাহী কথা।

চাহ বিক্ৰীৰে জীৱন নিৰ্বাহ কৰা এই আদহীয়া ব্যক্তিজনক আপুনি লগ পাই যাব পাৰে পল্টনবজাৰ ৰেল ষ্টেচনৰ সমীপত। সাৱধান, আপোনাকো ক'ব পাৰে এনে কথা। মনত ৰাখিব চন্দ্ৰকান্ত গোস্বামীয়ে কোৱা সকলোবোৰ কথাই মিছা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in