পল্টন বজাৰৰ স্নেহালয়ত মাৰপিট, আৰক্ষীৰ জালত অভিযুক্ত ২ যুৱক

পল্টন বজাৰৰ স্নেহালয়ত মাৰপিট, আৰক্ষীৰ জালত অভিযুক্ত ২ যুৱক

ডিজিটেল ডেস্কঃ মহানগৰীৰ পল্টন বজাৰত থকা স্নেহালয়ত সংঘটিত হয় এক মাৰপিটৰ ঘটনা। আশ্ৰয়গৃহটোত থকা শিশুক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিজন যুৱকৰ বিৰুদ্ধে।

সুৰাপান কৰি এই যুৱক তিনিজনে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত স্নেহালয়ত কাজিয়া কৰাৰ লগতে অনুৰূপ কাণ্ড সংঘটিত কৰে বুলি অভিযোগ তোলে স্নেহালয়ৰ এক সূত্ৰই।

এই ঘটনাৰ পাছতেই পল্টন বজাৰ আৰক্ষীয়ে শিশুক মাৰপিটৰ ঘটনাৰে জড়িত ইয়াৰে দুজন যুৱকক কৰায়ত্ত কৰিছে। ধৃত যুৱক দুজন ক্ৰমে- যুৱকজনৰ নাম ঘনকান্ত দাস আৰু তুলুকান্ত দাস।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in