ভানুক বুঢ়া গৰুৰে ৰিজোৱা মন্ত্ৰী পল্লৱক ‘সৰু লৰা’ আখ্যা প্ৰাক্তন মুখ্য সচিবৰ

ভানুক বুঢ়া গৰুৰে ৰিজোৱা মন্ত্ৰী পল্লৱক ‘সৰু লৰা’ আখ্যা প্ৰাক্তন মুখ্য সচিবৰ

ডিজিটেল সংবাদ, বৰগাং-গুৱাহাটীঃ বুধবাৰে নাৰায়ণপুৰ বিহালীত কংগ্ৰেছ দল প্ৰাৰ্থী তথা অৱসৰ প্ৰাপ্ত জ্যেষ্ঠ আইএএছ বিষয়াৰ সন্দৰ্ভত মন্তব্য কৰি তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পল্লৱ লোচন দাসে কৈছিল, 'অৱসৰ লোৱাৰ আগৰ লৈকে তেওঁ মোক ছাৰ বুলি মাতিছিল।' বৃহস্পতিবাৰে পুনৰ ঢেকীয়াজুলিত ক্ষমতাৰ দম্ভত শালীনতাৰ সীমা চেৰাই গৈ ডেকা মন্ত্ৰী গৰাকীয়ে ভানুক ইতিকিং কৰি 'বুঢ়া গৰু'ৰ সৈতে ৰিজালে। তেওঁ ক'লে, '৬০ বছৰত চাকৰিয়ালক অৱসৰ দিয়া হয়। আৰু চাকৰি নকৰাসকলক বৃদ্ধ পেঞ্চন দিও। কিয়নো তেওঁলোকে কাম কৰিব নোৱৰা হয়। ভানুকো অৱসৰ দিয়াৰ অৰ্থই হৈছে তেওঁ আৰু বেছি কাম কৰিব নোৱাৰে। বুঢ়া গৰুৱে বেছি হাল বাব পাৰিব জানো।' নিজকে সক্ষম সাব্যস্ত কৰিবলৈ গৈ 'ডেকা গৰু' শব্দ ২টা উচ্চাৰণ কৰিয়ে অৱশ্যে নিজৰেই থোতা মোজা লাগিল পল্লৱ লোচনৰ।

ইফালে বৃহস্পতিবাৰে এক বৃহত বাইক ৰেলীৰে বিহালীত প্ৰচাৰ চলোৱা কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে প্ৰায় একে সময়তে মন্ত্ৰী পল্লৱ লোচন সন্দৰ্ভত মন্তব্য কৰি ক'লে, 'পল্লৱ সৰু ল'ৰা, পল্লৱে ৰাজনীতি নাজানে। এজন সৰু ল'ৰাই সংসদত ৰাইজৰ সমস্যা সমুহ কেনেকৈ উপস্থাপন কৰিব। সংসদত কথা কবলৈ হ'লে ইংৰাজী আৰু হিন্দী ভাষা জানিব লাগিব। পল্লৱৰ ইংৰাজী আৰু হিন্দী ভাষাৰ কোনো জ্ঞান নাই। মই ৰাজনীতি কৰিবলৈ অহা নাই, মই ঐতিহ্যমণ্ডিত তেজপুৰৰ উন্নয়ন কৰিবলৈ আহিছোঁ।'

ইফালে শংকৰদেৱে ছবছৰ কাল অতিবাহিত কৰা বিহালীৰ গাংমৌথান দৰ্শন কৰি ভগৱানৰ আশীৰ্বাদ বিচাৰে ভানুৱে। পিছত সংবাদমাধ্যমৰ আগত ভানুৱে কয়, 'পল্লৱ লোচন দাস বিহালী সমষ্টিৰ বিধায়ক আছিল কিন্তু বিহালীৰ উন্নয়ন নকৰিলে। বিহালীৰ সমস্যা সমাধান কৰাত বিফল হোৱা পল্লৱৰ বিহালীত ভোট ভিক্ষা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিত ভূল নাযাবলৈ তেওঁ ৰাইজৰ প্ৰতিও আহ্বান জনায়। তেওঁ লগতে কয়, 'প্ৰধানমন্ত্ৰী মোডীয়ে আকৌ ১৫ লাখচকীয়া প্ৰতিশ্ৰুতি লৈ ৰাইজক ঠগিবলৈ আকৌ আহি আছে।' বিজেপিৰ নেতাসকলে ভানুক চালানী প্ৰাৰ্থী বুলি সমালোচনা কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভানুৱে কয়, 'বিজেপিয়ে বাংলাদেশৰ পৰা ভোটাৰ আনি নিৰ্বাচনত জিকিব পাৰে, মই এজন ভাৰতীয় নাগৰিক হৈ কিয় নিৰ্বাচনত অৱতীৰ্ণ হব নোৱাৰো?' এনেদৰেই তেজপুৰ লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলৰ ২ প্ৰাৰ্থীৰ মাজত চলিছে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ নামত শ্ৰুতিকটু আক্ৰমণ-প্ৰত্যাক্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in