সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰী গোচৰত অন্তৱৰ্তী জামিন লাভ কৰা বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাক আত্মসমৰ্পণৰ নিৰ্দেশ দিছে আদালতে। অহা ২৪ আগষ্টত আদালতে পল্লৱীক বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণৰ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে, যোৱা ১ আগষ্টত পিতৃ চিকিৎসাধীন হৈ থকা বাবে মানৱতাৰ খাতিৰত ১৫ দিনৰ বাবে পল্লৱীক জামিন প্ৰদান কৰিছিল আদালতে। বৃক্ক সংৰোপনৰ বাবে কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালত ভৰ্তি কৰালৈ চাই পৰৱৰ্তী সময়ত আদালতে ২০ আগষ্টলৈকে পল্লৱীৰ জামিনৰ ম্যাদ বৃদ্ধি কৰে।

যোৱা ১৪ আগষ্টত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে তদন্তকাৰী বিষয়াক কলকাতালৈ গৈ সাংসদগৰাকীৰ চিকিৎসা সংক্ৰান্তীয় তথ্য পাতি সংগ্ৰহ কৰি সেয়া দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

তদন্তকাৰী আৰক্ষীয়ে হাস্পতাল কৰ্তৃপক্ষই শৰ্মাৰ স্বাস্থ্যৰ উন্নতি ঘটা বুলি প্ৰতিবেদন দাখিল কৰাৰ কথা জনোৱাৰ পিছতে সোমবাৰে পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ প্ৰদান কৰে আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in