ভাৰতীয় খাদ্য নিগমে দৰিদ্ৰ জনতাক যোগান ধৰিছে প্লাষ্টিকৰ চাউল…

ভাৰতীয় খাদ্য নিগমে দৰিদ্ৰ জনতাক যোগান ধৰিছে প্লাষ্টিকৰ চাউল…

 ডিজিটেল সংবাদ,তিতাবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই যিমানেই ৰাজ্যখনৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে সিমানেই দুৰ্নীতিৰ ন-ন তথ্য উন্মোচন হ'বলৈ ধৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ বাবে গৰীৱ কল্যাণ যোজনাৰ অধীনত যোগান ধৰা চাউলত কৃত্ৰিমভাৱে নিৰ্মিত প্লাষ্টিকৰ চাউল যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে।

 অভিযোগ অনুসৰি মেলামাটি গাঁও পঞ্চায়ত সমবায় সমিতিৰ অধীনস্থ তিতাবৰৰ ফ'দাচুকৰ দৰিদ্ৰ পৰিয়ালসমূহক শেহতীয়াকৈ সুলভ মূল্যৰ দোকানীয়ে যোগান ধৰা চাউল সমূহত অধিকাংশ চাউলেই ৰবৰ গুণবিশিষ্ট প্লাষ্টিক চাউল। দেখাত সাধাৰণ চাউলৰ দৰেই যদিও এই চাউলসমূহ পানীত সিজোৱাৰ লগে লগে বিভিন্ন আকৃতিৰে বিভিন্ন ৰূপ লয়।

 ইয়াৰ উপৰিও চাউলবোৰ জুইত পুৰিলেও প্লাষ্টিকৰ দৰে পোৰা গোন্ধ পোৱাৰ লগতে ক'লা ধোঁৱাও নিৰ্গত হয়। জনস্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক এই চাউলসমূহ ক'ৰ পৰা কেনেদৰে তিতাবৰৰ সুলভ মূল্যৰ দোকানত উপলব্ধ হ'ল সেই বিষয়তো যোগান বিভাগৰ তদন্ততহে পোহৰলৈ আহিব। সোমবাৰে বিভিন্ন সংগঠনৰ ভাৰত বন্ধৰ কাৰ্যসূচীৰ বাবে চাউল সমূহ গ্ৰাহকসকলে ঘূৰাই দিবগৈ পৰা নাই যদিও অতি সোনকালে তিতাবৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক তদন্ত কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in