শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

পলাশবাৰীত ‘শীতৰ কুঁৱলি ফালি’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান…

114

ডিজিটেল ডেস্কঃ পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ প্ৰেক্ষাগৃহত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান ‘প্ৰতিধ্বনি’ৰ উদ্যোগত ‘শীতৰ কুঁৱলি ফালি’ শীৰ্ষক গীত-কথা-কতিবাৰ এক ব্যতিক্ৰম সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। যোৱা দেওবাৰ অৰ্থাৎ ১০ জানুৱাৰীত জয়শ্ৰী ঠাকুৰীয়াৰ ভজনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিত সমাজ সেৱক সোণাৰাম সাউদে স্মৃতি তৰ্পণ কৰে।

ইফালে, প্ৰাক্তন ছাত্ৰ নেতা ৰাম কুমাৰ দাসে উদ্বোধনকৰা অনুষ্ঠানটিত শংকৰ কুমাৰ আৰু হোমেন মেধীয়ে সম্পাদনা কৰা ‘কুৰি বছৰৰ নিৰ্বাচিত কবিতা’ সংকলনখনি উন্মোচন কৰি যশস্বী নাট্যকাৰ ড০ জগদীশ পাটগিৰীয়ে এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি