চন্দ্ৰযান-২ মিছনক লৈ কি ক’লে পাকিস্তানৰ প্রথমগৰাকী মহিলা মহাকাশচাৰীয়ে…

চন্দ্ৰযান-২ মিছনক লৈ কি ক’লে পাকিস্তানৰ প্রথমগৰাকী মহিলা মহাকাশচাৰীয়ে…

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ চন্দ্ৰযান-২ মিছনক লৈ সমগ্ৰ বিশ্বৰ মহাকাশ গৱেষণা সংস্থাসমূহে প্ৰশংসা কৰা দেখা গৈছে। তাৰ লগতেই পাকিস্তানৰ প্রথমগৰাকী মহিলা মহাকাশচাৰী নমিৰা ছলিমে কৰিলে ভাৰত আৰু ইছৰ'ৰ প্ৰশংসা।


পাকিস্তানৰ প্রথমগৰাকী মহিলা মহাকাশচাৰী নমিৰা ছলিম

চন্দ্ৰযান-২ক লৈ ছলিমে কয়- 'মইচন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমক চন্দ্ৰপৃষ্ঠৰ দক্ষিণ ধ্ৰুৱত সফলতাপূৰ্বক অৱতৰণৰঐতিহাসিক প্ৰয়াস চলোৱাৰ বাবে ভাৰত আৰু ইছৰ'ক শুভেচ্ছা জনাইছো। চন্দ্ৰযান-২ মিছনকেৱল দক্ষিণ এছিয়াৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ মহাকাশ গৱেষণা সংস্থাসমূহৰ বাবে গৌৰৱৰবিষয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে- মহাকাশৰ ক্ষেত্ৰখনত দক্ষিণ এছিয়াৰ পদক্ষেপউল্লেখনীয়। ইয়াক লৈ কোনো পাৰ্থক্য নহয় যে, কোনখন দেশে নেতৃত্ব আগবঢ়াইছে, কিয়নোমহাকাশত ৰাজনৈতিক সীমা শেষ হয় আৰু সকলোৱে একগোট হয়।

উল্লেখ্য যে, নমিৰা ছলিম পাকিস্তানৰপ্ৰথমগৰাকী মহিলা মহাকাশচাৰী। ছলিমে ছাৰ ৰিছৰ্ড ব্ৰেণছন বৰ্জিণ গেলেক্টিকৰ সৈতেএলেগলে উৰা মাৰিব মহাকাশলৈ। ছাৰ ৰিছৰ্ড ব্ৰেণমেন বৰ্জিণ গেলেক্টিক সমগ্ৰ বিশ্বৰেপ্ৰথমটো কমাৰ্শ্বিয়েল স্পেচলাইন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in