শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান…

8,107

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান উপস্থিত নিউয়ৰ্কত। চৌদী আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ বিশেষ বিমানত উৰা মাৰি নিউয়ৰ্কত উপস্থিত হয় পাক প্ৰধানমন্ত্ৰীগৰাকী। ইমৰান খানৰ এই যাত্ৰাৰ কেন্দ্ৰ বিন্দু হৈছে ‘মিছন কাশ্মীৰ’।

ইমৰান খানে আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে ক্ৰাউন প্ৰিন্সসহ বিষয়াসকলক লগ কৰাৰ উদ্দেশ্যে ৰিয়াদত আছিল। তাৰপাছত পাক প্ৰধানমন্ত্ৰীগৰাকীক বাণিজ্যিক বিমানেৰে আমেৰিকালৈ যোৱাত বাধা দিয়ে চৌদী আৰৱৰ প্ৰিন্সগৰাকীয়ে।

তেওঁ পাক প্রধানমন্ত্ৰীগৰাকীক কয়- ‘আপুনি আমাৰ বিশেষ অতিথি। আৰু আমেৰিকালৈ আপুনি আমাৰ বিশেষ বিমানেৰে যাব।’ উল্লেখ্য যে, কাশ্মীৰ সন্দৰ্ভত সমগ্ৰ বিশ্বৰ সহযোগ লাভৰ বাবে পাকিস্তানে আৰম্ভ কৰিছে ‘মিছন কাশ্মীৰ’ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি