এদিনতে ৩০০ কোটি উপাৰ্জন পাকিস্তানী অট’ চালকৰ

1,713

ডিজিটেল ডেস্কঃ পাকিস্তানৰ এগৰাকী অট’ চালকৰ বেংক একাউন্টত ৩০০ কোটি টকা ধনৰ লেনদেনক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত উত্তৰ বিচাৰি পাকিস্তানৰ অনুসন্ধান সংস্থা এফআইএ-য়ে অট’ চালকজনক চমন জাৰি কৰিছে।

জানিব পৰা মতে, কৰাচী নিৱাসী অট’ চালক মহম্মদ ৰছিদে দেওবাৰে অনুসন্ধান সংস্থাৰ তৰফৰ পৰা এক জাননী লাভ কৰাৰ পিছতহে জানিব পাৰে যে তেওঁৰ বেংক একাউন্টৰ পৰা ৩০০ কোটি টকাৰ ধনৰ লেনদেন সংঘটিত হৈছে। ‘মই এই বিষয়ে মুঠেও জ্ঞাত নাছিলো। মোলৈ যেতিয়া সংস্থাৰ পৰা জাননী প্ৰেৰণ কৰা হ’ল, মই দেখি আচৰিত হ’লো। মোৰ বাবে এয়া এক নভৱা কথা।’- এই মন্তব্য কৰে অট’ চালক ৰচীদে।

আনহাতে, মহম্মদ ৰছিদে ২০০৫ চনত এটা ব্যক্তিগত কোম্পানীত কাম কৰি থকা সময়তে সেই বেংক একাউন্টতো খোলা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ বেংক একাউন্টতো খুব কম ব্যৱহাৰ কৰে আৰু তেওঁৰ হিচাপ মতে তাত ৫ হাজাৰ টকাতকৈ অধিক থাকিব নালাগে বুলিও মন্তব্য কৰে ৰচীদে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পাকিস্তানৰ কৰাচীতে এগৰাকী মহিলা ফল ব্যৱসায়ীৰ একাউন্টৰ পৰা ২০০ কোটি টকাৰ লেনদেন হোৱাৰ ঘটনা সংঘটিত হৈছিল। দেশখনৰ অনুসন্ধান শাখাই সেই ঘটনাৰ তদন্ত চলাই আছে যদিও ইমান ধনৰ লেনদেন এগৰাকী সাধাৰণ ফল বেপাৰীৰ বেংক একাউন্টৰ পৰা কেনেকৈ হ’ল সেই ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি