জম্মু-কাশ্মীৰক লৈ ফেচবুকত পোষ্ট পাকিস্তানী গায়কৰ, একাংশই কৰিলে নিন্দা…

জম্মু-কাশ্মীৰক লৈ ফেচবুকত পোষ্ট পাকিস্তানী গায়কৰ, একাংশই কৰিলে নিন্দা…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছত বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ভাৰতৰ এই সিদ্ধান্তক লৈ অসন্তুষ্ট পাকিস্তান। ৩৭০ ধাৰা বাতিল কৰাৰ পাছত পাকিস্তানৰ গায়ক আতিফ আছলামে কৰা পোষ্টক লৈ ক্ষোভিত হৈ পৰিছে বহু লোক।

বলিউডৰ কেইবাখনো ছবিত হীট গীত গোৱা পাকিস্তানৰ এই গায়কগৰাকীয়ে মঙলবাৰে ৰাওনা হৈছিল হজলৈ। কিন্তু তেখেতে এই যাত্ৰাত যোৱাৰপূৰ্বেই ফেচবুকত কৰিলে এটা পোষ্ট। আৰু এই পোষ্টটোৰ পাছতেই ভাৰতৰ বহু লোকে কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত।

https://www.facebook.com/AtifAslamOfficialFanPage/posts/10156143129032143

আতিফ আছলামে পোষ্টটোত লিখে- 'আপোনালোকৰ সৈতে কিবা এটা ডাঙৰ কথা শ্বেয়াৰ কৰিবলৈ পাই মই সুখী। মই শীঘ্ৰেই মোৰ জীৱনৰ আটাইতকৈ জৰুৰী যাত্ৰাত যাবলৈ ওলাম। হজলৈ যোৱাৰ পূৰ্বে মই সকলোকে ক্ষমা খুজিছো…'। ইয়াৰ উপৰিও ফেচবুক পোষ্টটোত গায়কগৰাকীয়ে কয়- 'মই কাশ্মীৰবাসীৰ সৈতে চলি থকা এই হিংসাক নিন্দা কৰিছো। আল্লাই কাশ্মীৰ আৰু সমগ্ৰ বিশ্বৰ নিৰীহ লোকসকলৰ ৰক্ষা কৰক।'

আতিফৰএই পোষ্টটোৰ পাছতেই ক্ষোভিত হৈ পৰিছে ভাৰতৰ একাংশ লোক। বহুতে তেওঁৰ এই পোষ্টটোক লৈনিন্দা কৰিছে। গায়কগৰাকীৰ পোষ্টটোত অৱশ্যে তেওঁৰ পাকিস্তানী অনুগ্ৰাহী সকলেপ্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in