শনিবাৰে নিশাৰে পৰা অন্ধকাৰ পাকিস্তানত!

শনিবাৰে নিশাৰে পৰা অন্ধকাৰ পাকিস্তানত!

ডিজিটেল ডেস্কঃ শনিবাৰে নিশাৰে পৰা অন্ধকাৰত ডুব গৈ আছে পাকিস্তান। ব্যাপক বিদ্যুত সংকটত ভুগা পাকিস্তানত অধিকাংশ চহৰতে নাই বিদ্যুতৰ পোহৰ। নেচনেল পাৱাৰ গ্ৰীড ফেইল হোৱাৰ বাবে দেশখনত এনে অৱস্থাৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত পাকিস্তানৰ শক্তমন্ত্ৰীয়ে টুইটাৰযোগে ব্যক্ত কৰিছে যে, নতুনকৈ দক্ষিণ পাকিস্তানত স্থাপন কৰা পাৱাৰ গ্ৰীড ফেইল হোৱাৰ বাবে নিশা ১১.৪১বজাৰ পৰা বিদ্যুতৰ এই নাটনিয়ে দেখা দিছে। উল্লেখ্য যে, ২১ কোটি জনসংখ্যাৰ এই দেশখনত বিদ্যুত বিতৰণ প্ৰণালী কিছুদিনৰ পৰা অতি থৰক-বৰককৈ চলি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in