উইং কামাণ্ডৰ অভিনন্দন ৱৰ্থমানলৈ ‘বীৰ চক্ৰ’, ছ’চিয়েল মিডিয়াত ক্ষোভ ব্যক্ত পাকিস্তানৰ…

উইং কামাণ্ডৰ অভিনন্দন ৱৰ্থমানলৈ ‘বীৰ চক্ৰ’, ছ’চিয়েল মিডিয়াত ক্ষোভ ব্যক্ত পাকিস্তানৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ যুঁজাৰু বিমান এফ-১৬ক ভূপতিত কৰা ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দন ৱৰ্থমানক ভাৰত চৰকাৰে বীৰ চক্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই ক্ষোভত ফাটি পৰিছে পাকিস্তান! অভিনন্দন বৰ্থমানৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে একাংশ ক্ষুব্ধ পাকিস্তানৰ নাগৰিকে।

ছ'চিয়েল মিডিয়াত উইং কাণ্ডাৰ অভিনন্দন ৱৰ্থমানক বীৰ চক্ৰ প্ৰদানক লৈ ইতিকিংসূচক পোষ্ট কৰিছে পাকিস্তানৰ একাংশ লোকে। আৰু এই পোষ্টবোৰৰ পৰাই প্ৰতিফলিত হৈছে তেওঁলোকৰ ক্ষোভ।

ফটোঃ ছ'চিয়েল মিডিয়া

উল্লেখ্য যে, পুলৱামা আক্ৰমণৰ পাছত ভাৰতীয় বায়ু সেনাই পাকিস্তানত সোমাই সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিছিল। আৰু ২৭ ফেব্ৰুৱাৰী, ২০১৯ত উইং কামাণ্ডাৰ অভিনন্দনে অদম্য সাহস আৰু বীৰত্ব দেখুৱাই মিগ-২১ যুঁজাৰু বিমানখনেৰে পাকিস্তানৰ এফ-১৬ বিমানখনক ভূপতিত কৰিছিল। তাৰপাছত উইং কামাণ্ডাৰগৰাকীৰ বিমানখনো পাক সেনাৰ আক্ৰমণত ভূপতিত হয় আৰু তেওঁ পাকিস্তানৰ ভূমিত পৰেগৈ।

ফটোঃ ছ'চিয়েল মিডিয়া

পাকিস্তান সেনাই অভিনন্দন ৱৰ্থমানক আটক কৰিছিল যদিও, বীৰ উইং কামাণ্ডাৰগৰাকীয়ে কোনো ধৰণৰ তথ্য পাক সেনাৰ হাতত অৰ্পণ কৰা নাছিল। আৰু অৱশেষত ভাৰত চৰকাৰৰ হেঁচাত পাকিস্তানে অভিনন্দন ৱৰ্থমানক ভাৰতলৈ পঠিয়াবলৈ বাধ্য হয়।

ফটোঃ ছ'চিয়েল মিডিয়া

উল্লেখ্য যে, এই ঘটনাত গুৰুতৰভাৱে আহতঅভিনন্দন ৱৰ্থমান দীৰ্ঘসময়ৰ বাবে চিকিৎসাধীন অৱস্থাত আছিল। উইং কামাণ্ডাৰগৰাকীক আইএ এফ বাংগালুৰুৰ ইনষ্টিটিউট অৱ এৰ'স্পেচ মেডিচিনে পুনৰ যুঁজাৰু বিমানৰ ক'কপেটতবহাৰ বাবে মঞ্জুৰী প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in