পাকিস্তান ষ্টক এক্সেঞ্জত ভয়াৱহ আক্ৰমণ, ৪ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা আৰক্ষীৰ…

পাকিস্তান ষ্টক এক্সেঞ্জত ভয়াৱহ আক্ৰমণ, ৪ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা আৰক্ষীৰ…

ডিজিটেল ডেস্কঃ পাকিস্তান ষ্টক এক্সেঞ্জত সংঘটিত ভয়াৱহ আক্ৰমণত কেবাজনো লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৪ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে পুৱাৰ ভাগতে এই আক্ৰমণ সংঘটিত কৰা ৪ সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দি গুলীয়াই হত্যা কৰে আৰক্ষীয়ে। ছিলভাৰ ৰঙৰ এখন কৰলা বাহনত অহা সন্ত্ৰাসবাদীৰ দলটোৱে বন্দুক আৰু গ্ৰেণেডেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আন ৬ জন লোকৰ ভিতৰত আছে ৪গৰাকী নিৰাপত্তাৰক্ষী, এগৰাকী আৰক্ষী বিষয়া আৰু এজন সাধাৰণ লোকো। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কোনো সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই।

বৰ্তমানেও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত পাকিস্তান ষ্টক এক্সেঞ্জত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। জানিব পৰা অনুসৰি পাকিস্তান ষ্টক এস্কেঞ্জৰ আশে-পাশে প্ৰতি সময়তে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে। কাৰণ তাতে কেবাটাও ব্যক্তিগতখণ্ডৰ বেংকৰ মুখ্য কাৰ্যালয় আছে বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in