শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

ভাৰতে পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰিলে আমিও কৰিমঃ পাক প্ৰধানমন্ত্ৰী ইমৰান খান…

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। আমেৰিকাৰ সংবাদমাধ্যমৰ আগত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধৰ কথা ভবা বা আলোচনা কৰাটোৱেই আত্মঘাটী। যদি ভাৰতে পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰে তেন্তে আমিও একেই কৰিম। আমেৰিকাৰ সংবাদমাধ্যম ‘ফক্স নিউজ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে ইমৰান খানে।

ইফালে, পাকিস্তানৰ সাংবাদমাধ্যম অনুসৰি, পাক প্ৰধানমন্ত্ৰী ইমৰান খানক প্ৰশ্ন কৰা হয় যে- যদি ভাৰতে নিজৰ পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰে তেন্তে পাকিস্তানেও তেনে কৰিবনে? এই প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰী খানে কয়- ‘হয়, পাৰমাণৱিক যুদ্ধ কোনো বিকল্প নহয়। ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধৰ কথা ভবা বা আলোচনা কৰাটোৱেই আত্মঘাটী। দুয়োখনৰ দেশৰ সীমা প্ৰায় ২.৫ হাজাৰ মিল দীঘল।’

লগতে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘যোৱা ৭০ বছৰে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক ভাল নোহোৱাৰ একমাত্ৰ কাৰণ হৈছে কাশ্মীৰ। সেয়েহে আমি শক্তিশালী দেশ যুক্তৰাষ্ট্ৰ আমেৰিকাক এই বিষয়ত মধ্যস্থতাকাৰী ৰূপে বিচাৰিছো।’ আনহাতে, সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনায় যে, কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাক মধ্যস্থতাকাৰী ৰূপে সহায় কৰিবলৈ আহ্বান জনাইছে। আৰু তাৰপাছতেই ভাৰত চৰকাৰে স্পষ্ট কৰি দিয়ে যে- প্ৰধানমন্ত্ৰী মোডীয়ে তেনে ধৰণৰ কোনো সহায় বিচৰা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি