শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

পাক প্ৰধানমন্ত্ৰীৰ হুংকাৰঃ ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ আমি সাজু …

2,631

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন কৰি ভাৰত চৰকাৰে ৰাজ্যখনক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে ভাৰতৰ বিৰুদ্ধে খৰ্ব হৈ পৰিছে পাকিস্তান। ভাৰতৰ সৈতে পাকিস্তানে কূটনৈতিক সম্পৰ্কৰ হ্ৰাস ঘটোৱাৰ পিছতে এইবাৰ ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্বেখ ৰাছিদে ভাৰত-পাকিস্তানৰ মাজত ৱাঘা সীমান্ত হৈ চলা সমঝোতা এক্সপ্ৰেছ ৰে’লখনৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰাৰ ঘোষণা কৰিছে।

জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত অসন্তুষ্ট পাকিস্তানে শেহতীয়াকৈ ৰাষ্ট্ৰখনত ভাৰতীয় বোলছবিও নিষিদ্ধ কৰিছে। পাকিস্তানে ভাৰতৰ সৈতে দ্বিপক্ষীয় কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰখনত থকা ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াকো পাকিস্তানৰ পৰা বহিস্কাৰ কৰে।

ইমানৰ পাছতো ক্ষান্ত হোৱা নাই পাকিস্তান। বৃহস্পতিবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে এটা টেলিভিশ্বন চেনেলত হোৱা সাক্ষাৎকাৰত মন্তব্য কৰে যে, ভাৰতে যুদ্ধ বিচৰা নাই, নহলে ভাৰতক উচিত প্ৰতুত্ত্যৰ দিবলৈ আমি সাজু আছো। উল্লেখ্য যে ৩৭০ ধাৰাক লৈ পাকিস্তানৰ সদনতো সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিস্থিতিৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি