অসহায় পাইলটে শেষত কৈছিলঃ MayDay, MayDay, MayDay…

অসহায় পাইলটে শেষত কৈছিলঃ MayDay, MayDay, MayDay…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানত দুৰ্ঘটনাতপতিত হোৱা বিমানখনৰ পাইলটগৰাকীয়ে শেষ মূৰ্হূতত কৈছিল, বিমানৰ ইঞ্জিনে কাম কৰা নাই, MayDay, MayDay, MayDay । এয়াই আছিল পাইলটগৰাকীয়ে কাৰ্যালয়ৰ প্ৰতিনিধিলৈ শেষ মূৰ্হূতত প্ৰেৰণ কৰা বাৰ্তা। ইয়াৰ কিছু সময়ৰ পাছতে ৯৭গৰাকী যাত্ৰী প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

পাকিস্তানৰ সংবাদ মাধ্যম Dawnয়ে প্ৰকাশ কৰা এক খবৰ অনুসৰি, পাইলটগৰাকীয়ে ট্ৰেফিক কন্ট্ৰলক বিমানৰ বিজুতিৰ কথা অৱগত কৰিছিল আৰু তেতিয়াই তেওঁক পৰামৰ্শ প্ৰদান কৰিছিল যে, বিমানৰ গতিপথ সলনি কৰি অৱতৰণ কৰাবলৈ। তেওঁক কোৱা হৈছিল যে, নাতিদূৰত থকা বিমানবন্দৰত বিমানখন অৱতৰণৰ বাবে সাজু কৰি থোৱা হৈছে ৰানৱে সাজু কৰি থোৱা হৈছে। কিন্তু ইয়াৰ কিছুসময়ৰ পাছতে পাইলটে MayDay, MayDay, MayDay চিঞৰাৰ পাছতে বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল।

পাইলটজনে শেষ মুৰ্হূতত MayDay, MayDay, MayDay বুলি কিয় ছিঞৰিছিল! আচলতে MayDay শব্দটো তেতিয়া ব্যৱহাৰ কৰে, যেতিয়া বিপদৰ সময়ত সহায় বিচৰা হয়। এই শব্দটো আচলতে এটা কড। এই ক'ডৰ জৰিয়তে পাইলটে এয়াৰ ট্ৰেফিকক অতি বিপদৰ কথা অৱগত কৰে আৰু প্ৰয়োজনীয় ব্যৱস্থা লবলৈ কয়।

এই MayDay শব্দটোৰ প্ৰথম ব্যৱহাৰ গৈছিল ১৯২৩চনত লণ্ডনত। সেই সময়ত এয়াৰ ট্ৰেফিক কন্ট'লৰ এগৰাকী বয়োজ্যেষ্ঠ ৰেডিঅ' অফিচাৰ ফেড্ৰৰিক ষ্টেনলীয়ে এই শব্দটো ব্যৱহাৰ কৰিছিল। সেই সময়ত তেওঁক নিৰ্দেশ দিয়া হৈছিল যে, এনে এটা শব্দ আৱিষ্কাৰ কৰক যিয়ে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰা যায়। প্ৰথমে কোৱা হৈছিল 'এম এদৰ' যাৰ অৰ্থ হৈছে মোক সহায় কৰক। পাছলৈ ইয়াক MayDay কৰা হয়।

এই MayDay শব্দটো যেতিয়া এগৰাকী পাইলটে ব্যৱহাৰ কৰে, তেতিয়া একেলগে তিনিবাৰকৈ কব লাগে। ১৯২৭ চনত এই শব্দটো সমগ্ৰ বিশ্বত ব্যৱহাৰ কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল। উল্লেখ্য যে, ২০১৮চনত এই MayDay শব্দটো ব্যৱহাৰ কৰিয়েই এগৰাকী পাইলটে ১৯৪গৰাকী যাত্ৰীৰ প্ৰাণ বচাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in