বিমান কৰ্মীয়ে ওজন নকমালে হেৰুৱাব পাৰে চাকৰি, কোন চৰকাৰে দিলে নিৰ্দেশ?

বিমান কৰ্মীয়ে ওজন নকমালে হেৰুৱাব পাৰে চাকৰি, কোন চৰকাৰে দিলে নিৰ্দেশ?

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাষ্ট্ৰীয় বিমান কোম্পানী পি আই এ-য়ে পাইলটৰ দলৰ একাংশক নিজৰ অতিৰিক্ত ওজন কমাবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকক সকীয়াই দিয়া হৈছে যে- যদি সময়সীমাৰ ভিতৰত সুস্বাস্থ্যৱান নহয়, তেন্তে তেওঁলোকক কৰ্মৰ পৰা আঁতৰাই দিয়া হ'ব। এটা সংবাদমাধ্যমৰ খবৰ অনুসৰি- পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স চমুকৈ পি আই এ-য়ে বিভিন্ন ধৰণৰ শাৰীৰিক গঠন অনুসৰি ওজনৰ বাবে একো একোখন বিশেষ ওজনৰ তালিকা বনাইছে।

খবৰ অনুসৰি ওজন কমাবলৈ নিৰ্দেশ দিয়া বিমান কৰ্মীসকলে বিমান উৰণৰ অনুমতিৰ লাভ কৰিবলৈ প্ৰত্যেক মাহতেই 'গ্ৰুমিং চেল'ক নিজৰ মাহেকীয়া ৰিপৰ্ট দিব লাগিব। জানিব পৰা মতে, কোম্পানীসমূহৰ উৰণ সেৱাৰ মহাপ্ৰবন্ধক আমিৰ বশীৰে ১ জানুৱাৰী, ২০১৯ত এক নিৰ্দেশ জাৰি কৰিছিল।

এই নিৰ্দেশ অনুসৰি, বিমান কৰ্মী আৰু বিষয়াসকলে প্ৰত্যেক মাহতেই ২.২৬ কেজি ওজন কমাব লাগিব বুলি উল্লখ আছে। প্ৰায় ১৮শ গৰাকী বিমান পাইলটক এই সন্দৰ্ভত জাননীও প্ৰেৰণ কৰা হৈছে। আৰু যদি এই নিৰ্দেশ নামানে তেন্তে তেওঁলোকে এই সেৱাৰ পৰা বিৰত অৰ্থাৎ চাকৰি এৰিবলগীয় হ'ব পাৰে বুলি উল্লেখ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in