শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

বাতৰি চেনেলৰ পোনপটীয়া অনুষ্ঠানৰ মাজতেই সাংবাদিকক চৰ শাসকীয় দলৰ নেতাৰ, VIDEO

779

ডিজিটেল ডেস্কঃ বাতৰি চেনেলৰ ষ্টুডিঅ’ হৈ পৰিল যুদ্ধক্ষেত্ৰ। পাকিস্তানৰ এজন নেতাই এটা টিভি চেনেলৰ পোনপটীয়া অনুষ্ঠান চলি থকাৰ মাজতে কাষতে থকা সহ-আলোচকগৰাকীৰ সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈছিল। মাছুৰ আলী ছিয়াল নামৰ পাকিস্তানৰ শাসকীয় দলটোৰ নেতাগৰাকীৰ সৈতে কাষত বহি থকা কৰাছী প্ৰেছ ক্লাৱৰ সভাপতি ইমতাজ খানৰ এই সংঘাতে পালে চূড়ান্ত ৰূপ।

ভিডিঅ’টোত বন্দী হোৱা দৃশ্য অনুসৰি শাসকীয় দলৰ নেতাগৰাকীয়ে প্ৰথমে ঠেলা মাৰি সাংবাদিকগৰাকীক মজিয়াত পেলাই দিয়ে। তাৰপাছত তেওঁৰ গালত সোধাই চৰ। পাকিস্তানৰ এটা টিভি চেনেলত সংঘটিত এই কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে।

পৰৱৰ্তী সময়ত অৱশ্যে পুনৰ দুয়ো আলোচনাত অংশ লয়। এগৰাকী শাসকীয় দলৰ নেতাই টেলিভিছনৰ পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰ হৈ থাকোতেই এজন সাংবাদিকক এনেদৰে আক্ৰমণ কৰা ঘটনাই পাকিস্তানতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পাকিস্তানৰ একাংশ নাগৰিকে প্ৰশ্ন কৰিছে- এয়াই নেকি শাসকীয় দলটোৰ নেতাসকলৰ নতুন পাকিস্তানৰ প্ৰতিশ্ৰুতিৰ নমুনা? পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ শীৰ্ষ নেতৃত্বয়ো এই ঘটনাৰ বাবে দুখ ব্যক্ত কৰিছে। দলটোৰ মতে, তেওঁলোকৰ এজন নেতাই কৰা এই কৰ্মৰ বাবে তেওঁলোক অন্তপ্ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি