পাকিস্তানে প্ৰথমে পিঅ’কে ভাৰতক অৰ্পণ কৰিব লাগিব, তাৰ পিছতহে আলোচনা সম্ভৱ হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলে

পাকিস্তানে প্ৰথমে পিঅ’কে ভাৰতক অৰ্পণ কৰিব লাগিব, তাৰ পিছতহে আলোচনা সম্ভৱ হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলে

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় সমাজিক ন্যায় মন্ত্ৰী ৰামদাস আঠাৱলে। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানে কেৱল ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিবহে জানে। ভাৰতে স্বাধীনতা লাভৰ সময়ত জম্মু-কাশ্মীৰৰ ৰজা হৰি সিংহই ভাৰতৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি ৰামদাস আঠাৱলে কয় যে পি অ' কেত পাকিস্তানে দখল কৰা থকাটো সম্পূৰ্ণ অবৈধ আৰু অনৈতিক। লগতে যদি পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ সৈতে যুদ্ধ বিচাৰে তেন্তে ভাৰত সেই যুদ্ধৰ বাবে সাজু আৰু পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

'পি অ' কে ভাৰতৰ অংশ। গতিকে যদি পাকিস্তানে যুদ্ধ বিচাৰে তেন্তে আমি যুদ্ধ কৰি হ'লেও পি অ' কে লাভ কৰিম। পাকিস্তানে সদায় নিয়ম ভংগ কৰি আহিছে। সেইবাবে পাকিস্তানী শিল্পীয়ে ভাৰতত কাম কৰাটো সঠিক হ'ব নোৱাৰে। পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক ৰক্ষা কৰি চলাটোৱেই উচিত নহয়। এতিয়া জম্মু-কাশ্মীৰৰ বিকাশ সম্ভৱ হ'ব। মোডী চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া ঘাটীত আক্ৰমণতো লেকাম লাগিব। যাৰ দ্বাৰা প্ৰমাণ হয় যে মোডীৰ এই সিদ্ধান্ত সকলোৰে হিতৰ বাবেহে। যদি পাকিস্তানে ভৱিষ্যতে আমাৰ সৈতে আলোচনাত বহিব খোজে, তেন্তে প্ৰথমে পি অ' কে আমাক অৰ্পণ কৰিব লাগিব।' -এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in