পাকিস্তানৰ বিদেশ মন্ত্ৰী আক্ৰান্ত কোৰোনাত…

পাকিস্তানৰ বিদেশ মন্ত্ৰী আক্ৰান্ত কোৰোনাত…
  • পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বী আক্ৰান্ত কোৰোনাত।
  • টুইটাৰযোগে মন্ত্ৰীগৰাকীয়ে নিজে সদৰি কৰিছে এই তথ্য।
  • টুইটাৰত তেওঁ লিখিছে, বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা জ্বৰ হোৱাৰ বাবে কোৰোনা টেষ্ট কৰি নিজকে পৃথকভাৱে ৰাখিছো।
  • শেহতীয়াকৈ মোৰ কোৰোনাৰ ৰিজাল্টা আহিছে পজিটিভ।
  • কিন্তু ভগৱানৰ ওচৰত কৃতজ্ঞ যে, মই এতিয়াও স্বাস্থ্যৱান হৈ ঘৰৰ কাম কৰি আছো।
  • সকলোৱে মোৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰিব।
  • উল্লেখ্য যে, পাকিস্তানত কোৰোনাত আক্ৰান্ত হৈছে দুই লাখ একৈশ হাজাৰ লোক।
  • ইয়াৰে ৪৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in