পুলৱামাৰ আক্ৰমণৰ প্ৰভাৱ পৰিছে পাকিস্তানতো

পুলৱামাৰ আক্ৰমণৰ প্ৰভাৱ পৰিছে পাকিস্তানতো

ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল ৪৪ জনকৈ ভাৰতীয় বীৰ জোৱান। এই ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে পাকিস্তানৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ। ভাৰতীয়ৰ মনত জাগি উঠা পাকিস্তান আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে এই ক্ষোভে প্ৰভাৱ পেলাইছে পাকিস্তানতো। ভাৰতৰ সংগীত, চিনেমা, খেল সকলো জগতৰ পৰাই লাহে লাহে বাদ পৰিছে পাকিস্তানৰ নাম। আনকি ২০১৯ত অনুষ্ঠিত হ'বলগা ক্ৰিকেট বিশ্ব কাপত ভাৰত-পাকিস্তানৰ মাজৰ খেল বয়কট কৰাৰ বাবেও এতিয়া চৰ্চা চলিছে।

ভাৰতীয়ৰ এই ক্ষোভ, ঘৃণা আৰু প্ৰতিশোধৰ দাবানলৰ মাজতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে এজন পাকিস্তানীয়ে। আদিল তাজ নামৰ এই যুৱকজন পাকিস্তান ক্ৰিকেটক এজন অনুৰাগী। এইজন আদিল তাজেই ২০১৮ চনত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ মাজৰ এচিয়া কাপৰ খেলত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত সন্মান সহকাৰে গাই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল।

বৃহস্পতিবাৰে ভাইৰেল হোৱা আদিল তাজৰ এটা ভিডিঅ' এই যুৱকজনে ভাৰত-পাকিস্তানৰ মাজৰ বিশ্বকাপ খেল বয়কট নকৰিবলৈ আহ্বান জনাইছে। পুলৱামা কাণ্ডৰ বাবে গভীৰ শোক প্ৰকাশ কৰি এনে কাণ্ডৰ দ্বাৰা দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা বিভেদকলৈও আক্ষেপ প্ৰকাশ কৰে যুৱকজনে। ভাৰতীয় ক্ৰিকেটাৰসকলে পাকিস্তানত আৰু পাকিস্তানী ক্ৰিকেটাৰসকলে ভাৰতত পোৱা আদৰ, সন্মানৰ কথা দোহাৰি ইয়ে এতিয়াও দুয়োখন দেশৰ মাজৰ সম্প্ৰীতিৰ প্ৰতীক হৈ আছে বুলি মন্তব্য কৰে আদিল তাজে।

চৈয়ব আখতাৰ, শ্বাহিদ অফ্ৰিডীয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল যে তেওঁলোকে পাকিস্তানতকৈ বেছি ভাৰতৰ পৰা অধিক সন্মান লাভ কৰি আহিছে। শ্বাহিদ আফ্ৰিডীৰ ঘৰত এতিয়াও শচীন তেণ্ডুকাৰে নিজেই স্বাক্ষৰ কৰা এখন ফটো সযতনে ৰখা হৈছে। তেওঁৰ অৱসৰ সময়ত বিৰাট কোহলীয়ে দিয়া বেটখনো তেওঁৰ লগতে আছে। ইয়ে ভাৰতীয় ক্ৰিকেটাৰ আৰু পাকিস্তানী ক্ৰিকেটাৰ আৰু দুয়োখন দেশৰ অনুৰাগীৰ মাজত এক গভীৰ আত্মিক সম্পৰ্ক গঢ়ি তুলি আহিছে বুলি মন্তব্য কৰে আদিল তাজ নামৰ যুৱকজনে।

তেওঁ দুয়োখন দেশৰ মাজৰ সম্প্ৰীতি আলোচনাৰ যোগেদি ঘুৰি আহিব পাৰে বুলি আশা ব্যক্ত কৰি দুয়োখন দেশৰ মাজৰ ভাতৃত্ববোধ অটুত থকাৰ কামনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in