মুকলি আকাশৰ তললৈ আহিবনে কুলভূষণ যাদৱ? আজি আন্তৰাষ্ট্ৰীয় আদালতৰ ৰায়দান…

মুকলি আকাশৰ তললৈ আহিবনে কুলভূষণ যাদৱ? আজি আন্তৰাষ্ট্ৰীয় আদালতৰ ৰায়দান…

ডিজিটেল ডেস্কঃ চোৰাংচোৱাৰ সন্দেহত পাকিস্তানত বন্দী হৈ থকা কুলভূষণ যাদৱৰ গোচৰৰ সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব নেডাৰলেণ্ডৰ হেগ স্থিত আন্তৰাষ্ট্ৰীয় আদালতে। ভাৰতীয় সময় মতে সন্ধিয়া ৬.৩০ বজাত আদালতে প্ৰদান কৰিব ৰায়। দুবছৰ ধৰি আন্তৰ্জাতিক আদালতত চলি আছে গোচৰ।

পাকিস্তানৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যে নেডাৰলেণ্ডত উপস্থিত হৈছেগৈ পাকিস্তানৰ আইনী বিশেষজ্ঞৰ দল। এই দলটোৰ নেতৃত্বত আছে পাকিস্তানৰ মঞ্চুৰ খান। ইয়াৰ লগতে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা মহম্মদ ফেজলো আছে এই দলটোত।

উল্লেখ্য যে, ২০১৬ চনত ৩ মাৰ্চত ভাৰতীয় নৌ–সেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাৰ সন্দেহত পাকিস্তানে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে ২০১৭ চন এপ্ৰিলত পাকিস্তানৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি বিহিছিল যদিও ভাৰতত আন্তৰাষ্ট্ৰীয় আদালতে এই সন্দৰ্ভত হস্তক্ষেপ কৰিছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in