শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ব্লেকলিষ্টেড হ’ল পাকিস্তান…

2,508

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু সৰবৰাহৰ ওপৰত নজৰ ৰখা আন্তৰাষ্ট্ৰীয় সংস্থা ‘ফাইনেঞ্চিয়েল একশ্যন টাস্ক ফ’ৰ্ছ’ (এফএটিএফ)ৰ এছিয়া-প্ৰশান্ত গ্ৰুপে পাকিস্তানক ইইএফউপি (ব্লেকলিষ্ট)ৰ অন্তৰ্ভূক্ত কৰিছে। শুকুৰবাৰে এই বিষয়ে এফএটিএফৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।

পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু সৰবৰাহ প্ৰতিৰোধৰ বাবে এছিয়া-প্ৰশান্ত গ্ৰুপ (এপিজি)-য়ে বান্ধি দিয়া ৪০টা সন্মতি চুক্তিৰ ৩২টাই পালন নকৰাৰ অপৰাধত পাকিস্তানক ব্লেকলিষ্টৰ অন্তৰ্ভূক্ত কৰে। এপিজিয়ে অষ্ট্ৰেলিয়াৰ কৈনবৰাত আয়োজিত বৈঠকত দুদিন ধৰি প্ৰায় ৭ ঘন্টা আলোচনা কৰাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে এই সিদ্ধান্ত লয়।

উল্লেখ্য যে, সন্ত্ৰাসবাদীক লৈ পাকিস্তানে গ্ৰহণ কৰা স্থিতিক লৈ কেইবাখনো ৰাষ্ট্ৰৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে পাকিস্তান। পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ‘দ্য নিউয়ৰ্ক টাইমছ’ক দিয়া এক সাক্ষাৎকাৰত পাকিস্তানে বিচাৰিলেও ভাৰতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ নকৰা বুলি মন্তব্য কৰিছিল। ইয়াৰ বিপৰীতে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শৃংগাৰে ইমৰান খানৰ এই দাবী খাৰিজ কৰি পাকিস্তানে যেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব, তেতিয়াই ভাৰতৰ সৈতে শান্তি আলোচনা সম্ভৱ হ’ব বুলি মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি