শেহতীয়া খবৰ
টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

পাকিস্তানৰ বেলুচিস্তানত বিস্ফোৰণ, ৭ জনৰ মৃত্যু, কমেও ২০জন আহত…

176

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলুচিস্তানৰ কুৱেটাৰাত সোমবাৰে সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ৭ জন লোক নিহত হোৱাৰ লগতে কমেও ২০ জন লোক আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কুৱেটেৰা প্ৰেছ ক্লাৱত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কেইবাখনো বাহন একেলগে বিস্ফোৰণ ঘটে। যাৰ ফলত প্ৰতিবাদকাৰী কেইজনৰ ৭ জন লোক নিহত হয়। ইফালে বিস্ফোৰণত আহত সকলক তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, বেলুচিস্তানত যোৱা মাহতো এনে এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। সেই বিস্ফোৰণত ১৫ জন লোক নিহত হোৱাৰ লগতে অতি কমেও ২০জন লোক গুৰুতৰভাৱে আহত হৈছিল। মাত্ৰ এমাহৰ ভিতৰতে সংঘটিত হোৱা আৰু এটা বিস্ফোৰণৰ ঘটনাৰ পিছত এয়া পৰিকল্পতি বিস্ফোৰণ কাণ্ড বুলি সন্দেহ কৰিছে বিভিন্নজনে। আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও ঘটনা সন্দৰ্ভত শোক ব্যক্ত কৰি ঘটনাৰ তাৎক্ষণিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি