পাক প্ৰধানমন্ত্ৰী ইমৰান খানে পায় কিমান দৰমহা, ভাইৰেল PHOTO…

পাক প্ৰধানমন্ত্ৰী ইমৰান খানে পায় কিমান দৰমহা, ভাইৰেল PHOTO…

ডিজিটেল ডেস্কঃ পুলৱামা কাণ্ডৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক অধিক অৱনতি ঘটিছিল। ছ'চিয়েল মিডিয়াত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক বহু লোকে তাচ্ছিল্য কৰাও পৰিলক্ষিত হৈছিল। এই ঘটনাৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান এতিয়া আকৌ ছ'চিয়েল মিডিয়াত চৰ্চালৈ আহিছে।

পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ দৰমহা সম্পৰ্কীয় এক তথ্য বৰ্তমান ভাইৰেল হৈ পৰিছে। ছ'চিয়েল মিডিয়াত ইমৰান খানৰ দৰমহাৰ এখন শ্লিপ ভাইৰেল হৈ পৰাৰ পাছতেই আচৰিত হৈছে সকলো। কাৰণ পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ দৰমহা উত্তৰপ্ৰদেশৰ বিধায়কৰ দৰমহাতকৈও কম।

উল্লেখ্য যে, ইমৰান খানৰ ভাইৰেল হৈ পৰা এই দৰমহাৰ শ্লিপখন পাকিস্তানৰ সংবাদমাধ্যমত প্ৰথমে প্ৰচাৰ হৈছিল। আৰু এই দৰমহাৰ পৰা সকলো কৰ মাহত জমা দিয়াৰ পাছত তেওঁৰ একাউণ্টত জমা থাকে মাত্ৰ ১৯৬,৯৭৯ টকা। সেই অনুসৰি পাক প্ৰধানমন্ত্ৰী গৰাকীৰ মাহেকীয়া দৰমহা প্ৰায় ২০১,৫৭৪ টকা। আৰু দৰমহাৰ বিপৰীতে তেওঁ টেক্স দিব লাগে ৪,৫৯৫ টকা।

আচৰ্যকৰ কথা যে, ভাৰতীয় টকাৰ মূল্য অনুসৰি, ইমৰান খানৰ দৰমহা মাত্ৰ ১ লাখ টকাহে। যি ধনৰ পৰিমান আনবোৰ দেশৰ প্ৰধানমন্ত্ৰীৰ তুলনাত বহু কম। লক্ষণীয় যে, উত্তৰপ্ৰদেশৰ বিধায়কৰ দৰমহা ১,৭৮০০০ টকা। তদুপৰি পঞ্জাৱৰ বিধানসভা সাংসদে প্ৰতিমাহে ৩ লাখ টকাকৈ চৰকাৰৰ পৰা লাভ কৰে। উল্লেখ্য যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই দৰমহাৰ শ্লিপখন ভুৱা বুলি কৈছে বহু লোকে। ইফালে পাকিস্তানৰ সংবাদমাধ্যমে এইখন ২০১৯ৰ সঁচা শ্লিপ বুলি দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in