জম্মু-কাশ্মীৰ ভাৰতৰে অংগ ৰাজ্যঃ পাক বিদেশ মন্ত্ৰীৰ স্বীকাৰ…

জম্মু-কাশ্মীৰ ভাৰতৰে অংগ ৰাজ্যঃ পাক বিদেশ মন্ত্ৰীৰ স্বীকাৰ…

ডিজিটেল ডেস্কঃ জেনেভাত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে স্বীকাৰ কৰিলে জম্মু-কাশ্মীৰ ভাৰতৰে অংগ ৰাজ্য। ইমান দিনে কাশ্মীৰ পাকিস্তানৰ বুলি দাবী কৰি অহা দেশখনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে মঙলবাৰে জম্মু-কাশ্মীৰত ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰিছিল।

ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইট কাউন্সিলৰ এক সভাত জম্মু-কাশ্মীৰক ভাষণৰ মাজতে পাক বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ভাৰতৰ ৰাজ্য বুলি উল্লেখ কৰে। ইফালে, আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শ্বাহে কয়- 'ভাৰতে বিশ্ববাসীক এনে এক প্ৰতিচ্ছবি দিবলৈ চেষ্টা কৰিছে যে, জম্মু-কাশ্মীৰলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে।'

তাৰপাছতেই তেওঁ কয়- 'যদি সেয়াই হৈছে, তেতিয়াহ'লে আপোনালোকক কিয় তালৈ যাব দিয়া নাই। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম, আন্তঃৰাষ্ট্ৰীয় সংস্থা, এন জি অ' বা আন সংগঠনসমূহক ভাৰতৰ ৰাজ্য জম্মু-কাশ্মীৰলৈ গৈ তাত কি হৈ আছে তাৰ বাস্তৱক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ দিয়া নাই দেশখনে।'

উল্লেখযোগ্য যে, ইয়াৰ আগলৈকে কেতিয়াও পাকিস্তানে জম্মু-কাশ্মীৰক ভাৰতৰ অংগ ৰাজ্য বুলি স্বীকাৰ কৰা নাছিল। এই সন্দৰ্ভত মন্তব্য বা চৰকাৰী নথিপত্ৰত ভাৰত অধ্যূষিত কাশ্মীৰ বুলি উল্লেখ কৰিছিল দেশখনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in