পাকিস্তানৰ সেনা চিকিৎসালয়ত বিস্ফোৰণ! আহত মাছুদ আজহাৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল খবৰ

পাকিস্তানৰ সেনা চিকিৎসালয়ত বিস্ফোৰণ! আহত মাছুদ আজহাৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল খবৰ

ডিজিটেল ডেস্কঃ পাকিস্তানৰ এখন সেনা চিকিৎসালয়ত সংঘটিত হৈছে ভয়াবহ বিস্ফোৰণ। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই খবৰ। পাক নেটিজেনসকলে দাবী কৰা মতে এই বিস্ফোৰণত দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰসহ ১০ জন গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল খবৰ কিমান সত্য এতিয়াও জানিব পৰা হোৱা নাই।

নেটিজনসকলৰ অভিযোগ অনুসৰি বিস্ফোৰণ সংঘটিত হোৱা সেনা চিকিৎসালয়ৰ ঘটনাৰ বাতৰি পৰিৱেশনৰ বাবে সংবাদ মাধ্যমক অনুমতি প্ৰদান কৰা নাই। আনহাতে কোয়েটাৰ এটা মানৱাধিকাৰ সংগঠনৰ কৰ্মী এহছান উল্লাহ মিয়াখাইলে অভিযোগ কৰা মতে সংবাদ মাধ্যমক সম্পৰ্ণ ব্লেক আউট কৰি ৰাখিছে পাক সেনা বাহিনীয়ে।

মানৱাধিকাৰ কৰ্মীজনে দাবী কৰা মতে, যিখন চিকিৎসালয়ত বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল, সেই হাস্পতালখনতে চিকিৎসাধীন হৈ আছিল মাছুদ আজহাৰ। মিয়াখাইলে নিজৰ টুইটাৰ একাউন্টত লিখিছে- 'পাকিস্তানৰ ৰাওৱালপিণ্ডিৰ সেনা হাস্পতালত সংঘটিত হৈছে ভয়াবহ বিস্ফোৰণ। তাতেই চিকিৎসাধীন হৈ আছিল জাইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰ। সেনাই মিডিয়াক সম্পূৰ্ণ ব্লেক আউট কৰিছএ। এই ঘটনা কভাৰ নকৰিবলৈ সংবাদ মাধ্যমক কঢ়া নিৰ্দেশ দিছে সেনা বাহিনীয়ে।' ঘটনাৰ প্ৰমাণ স্বৰূপে এটা ভিডিঅ'ও এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইফালে, বিস্ফোৰণ কাণ্ড কেনেকৈ সংঘটিত হ'ল সেয়া লৈও ছ'চিয়েল মিডিয়াত চলিছে চৰ্চা। বহুজনে দাবী কৰা মতে, এই বিস্ফোৰণ প্ৰকৃততে মাছুদ আজহাৰৰ ওপৰত চলা আক্ৰমণহে আছিল। অৱশ্যে বিস্ফোৰণৰ ঘটনা কিমান সঁচা বা মিছা, সেয়া এতিয়াও সঠিকৰূপে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in