মাধৱদেৱৰ প্ৰতিচ্ছবিৰ ওপৰত ৰাজ্যিক ভিত্তিত অনুস্থিত হ’ব চিত্ৰাঙ্কণ প্ৰতিযোগিতা…

মাধৱদেৱৰ প্ৰতিচ্ছবিৰ ওপৰত ৰাজ্যিক ভিত্তিত অনুস্থিত হ’ব চিত্ৰাঙ্কণ প্ৰতিযোগিতা…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অহা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অংকীয়া ভাওনা সমাৰোহৰ আয়োজন কৰিছে। উক্ত ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি অন্তিম দিনা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰতিচ্ছবিৰ ওপৰত ৰাজ্যিক ভিত্তিত এখন চিত্ৰাঙ্কণ প্ৰতিযোগিতাও অনুস্থিত কৰা হৈছে । নিম্ন আৰু উচ্চ দুটা শাখাত অনুস্থিত হ'ব লগা প্ৰতিযোগিতা খনৰ নিম্ন শাখাৰ বয়সৰ সীমা ১৩ পৰা ১৯ বছৰলৈ ধাৰ্য্য কৰা হৈছে।

প্ৰতিযোগী সকলে যোগদান মাচুল দিব নালাগে। অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিতে অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলে অহা ২৬ জানুৱাৰীৰ ভিতৰত তলত উল্লেখ কৰা হোৱাটচএপ অথবা মেইল যোগে যোগদানৰ নিশ্চিতি প্ৰদান কৰিব লাগিব। প্ৰতিযোগী সকলে ৰং,কাগজ,কেনভাছ,তুলিকাই,পেঞ্চিল,কলম আদি যাবতীয় সামগ্ৰী সমূহ নিজে আনাটো বাঞ্ছনীয়।

প্ৰতিযোগী সকলে যিকোনো এটা পদ্ধতিতহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগী সকলে চিত্ৰাংকণৰ লগত নিজৰ মন্তব্য প্ৰকাশ কৰি এটি টোকা লিখি দিব লাগিব। প্ৰতিযোগিতাত বিচাৰকৰ দ্বাৰা নিৰ্বাচিত সৰ্বমুঠ ১০গৰাকী প্ৰতিযোগীক পাৰদৰ্শিতাৰ প্ৰমানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰাৰ লগতে মহাপুৰুষ গুৰুজনাৰ প্ৰতিকৃতি নিৰ্মাণৰ বাবে বিশেষজ্ঞ সকলৰ মতামত বিচাৰি চিত্ৰ সমুহ পঠোৱা হ'ব৷

আনহাতে প্ৰতিযোগিতা খনৰ উচ্চ শাখাত ১৯ বছৰৰ উৰ্ধৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব । কেৱল অনলাইন যোগে অনুষ্ঠিত হ'ব লগা উচ্চ শাখাৰ প্ৰতিযোগী সকলে চিত্ৰাংকণ কৰোঁতে তথ্য উৎস বা ধাৰণা সন্দৰ্ভত উল্লেখ কৰাৰ লগতে প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা চিত্ৰত অংকণ কৰা তাৰিখ আৰু স্থান উল্লেখ কৰি নিজৰ সম্পূৰ্ণ স্বাক্ষৰ কৰিব লাগিব ৷ চিত্ৰখন A-4 কাগজৰ জোখত অংকণ কৰি ইয়াৰ ফটো উঠাই তলত উল্লেখ কৰা ঠিকনালৈ ইমেইল কৰি পঠাব লাগিব৷

অংকিত মূল চিত্ৰখন প্ৰতিযোগীয়ে নিজৰ লগত ৰাখিব আৰু আয়োজক সমিতিয়ে বিচাৰিলে সমিতিক তেনেৰূপত জমা দিব লাগিব ৷প্ৰতিযোগীয়ে নিজৰ নাম,ফোন নম্বৰ আৰু ঠিকনা লিখি চিত্ৰখনৰ জোখৰ বৰ্ণনা দিয়াৰ লগতে চিত্ৰখনৰ মৌলিকতা সম্পৰ্কত এটি ঘোষণা লিখি তলত উল্লেখ কৰা ঠিকনালৈ ইমেইল কৰিব লাগিব ৷ নিৰন নেওগ- ৮১৩৪০৩৭৫৩৯ (হোৱাটচএপ নম্বৰ) বা niranneog@gmail.comত (স্বাভাৱিক চিত্ৰাংকণ প্ৰতিযোগিতা,নিম্ন শাখা), আৰু বেদব্ৰত ভূঞা-
৮৭৬১৯২৮৫৫৩ (হোৱাটচএপ নম্বৰ) বা bedabhuyan5@gmail.com)ত (অনলাইন চিত্ৰাংকণ প্ৰতিযোগিতা, নিম্ন আৰু উচ্চ শাখা) প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে আয়োজকে।
প্ৰতিযোগী সকলক ৩০ জানুৱাৰীৰ দিনা পুৱা ১০ বজাত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান,লেটেকুপুখুৰীত উপস্থিত হ'বলৈ আহ্বান জনাইছে চিত্ৰাঙ্কণ উপ-সমিতিৰ সভাপতি দুলাল মহন্ত আৰু সম্পাদকদ্বয় নীৰন নেওগ আৰু ধীৰেন মহন্তই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in