৩০ অক্টোবৰ পেইড হলিডে’ হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ

৩০ অক্টোবৰ পেইড হলিডে’ হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ

ডিজিটেল ডেস্কঃ ৩০ অক্টোবৰ পেইড হলিডে' ঘোষণা ৰাজ্য চৰকাৰৰ। ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এই ঘোষণা ৰাজ্য চৰকাৰৰ। নিৰ্বাচনৰ এই দিনটোত সকলোধৰণ উদ্যোগ , চাহ বাগান, বাণিজ্যিক প্ৰতিষ্ঠান, নিৰ্মাণ প্ৰতিষ্ঠান, উদ্যোগকে ধৰি সকলো ক্ষেত্ৰতে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।

৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ বিধানসভা সমষ্টি ক্ৰমে ২৮ নং গোসাইগাঁও সমষ্টি, ৪১ নং ভৱানীপুৰ সমষ্টি, ৫৮ নং তামোলপুৰ সমষ্টি, ১০১ নং মৰিয়নি সমষ্টি আৰু ১০৭ নং থাওৰা সমষ্টিৰ বাবে এই নিৰ্দেশনা কাৰ্যকৰী হ'ব। গোসাইগাওঁ আৰু তামোলপুৰ সমষ্টিৰ দুই বিধায়কৰ কোভিড জনিত কাৰণত মৃত্যু হোৱাৰ পিছত এই সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো চূড়ান্ত হৈছিল।

আনহাতে ভৱানীপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিৰ তিনি বিধায়কে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হয়। ভৱানীপুৰৰ এ আই ইউ ডি এফ দলৰ বিধায়ক ফণী তালুকদাৰ, মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in