পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি দিৱস পালন…

পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি দিৱস পালন…

ডিজিটেল সংবাদ,মঙলদৈঃ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি দিৱস শনিবাৰে দৰং জিলা সাহিত্য সভাই নৱ গঠিত চাউলখোৱা-ৰৌমাৰী শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰে।চাউলখোৱা-ৰৌমাৰী শাখা সাহিত্য সভাৰ সভাপতি ফৰিজুল হকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ন কোৱৰে।

সভাৰ প্ৰতিষ্ঠা সম্পৰ্কত চৰ অঞ্চলৰ বাসিন্দা সকলক বহলাই ব্যাখ্যা কৰে। জিলা সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন সভাপতিদ্বয় পৃথুৰাম বৰুৱা, চহিৰ ভূঞা, সহকাৰী সম্পাদক ধকমান শ্ৰেষ্ঠ, সাংগঠনিক সম্পাদক উমাকান্ত নাথ, প্ৰাক্তন সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, সাংবাদিক গনেশ দত্ত, মুকুটৰাজ শৰ্মা, আদিয়ে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in