আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি

আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি

ডিজিটেল ডেস্কঃ পাকিস্তানী মূলৰ গায়ক আদনান চামীৰ নাম দেশৰ অসামৰিক সন্মান পদ্মশ্ৰীৰ বাবে বাচনি কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এনচিপি। আদনান ছামীৰ নাম পদ্মশ্ৰী সন্মানৰ বাবে বাচনি কৰি ভাৰতৰ ১৩০ কোটি জনতাক কেন্দ্ৰীয় চৰকাৰে 'অপমান' কৰা বুলি মন্তব্য কৰে এনচিপিৰ প্ৰৱক্তা তথা মহাৰাষ্ট্ৰৰ চৰকাৰৰ মন্ত্ৰী নৱাম মালিকে।

সোমবাৰে টুইটত নৱাব মালিকে আদনান ছামীক এই সন্মান প্ৰদানৰ বিৰোধিতা কৰে। লগতে বৰ্তমান সময়ত কোনো পাকিস্তানীয়ে 'জয় মোডী' মন্ত্ৰ জপ কৰিলেই ভাৰতৰ নাগৰিকত্ব পায় বুলিও আদনান ছামীক পৰোক্ষভাৱে কটাক্ষ কৰে এনচিপিৰ নেতাজনে। টুইটত এনচিপি নেতাজনে লিখিছে, 'আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো ভাৰতৰ ১৩০ জনতাক কৰা অপমান। চৰকাৰে ইয়াৰ জৰিয়তে 'কা', এনআৰচি আৰু এনপিআৰক লৈ দেশবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে উত্থাপন কৰা প্ৰশ্ন তল পেলাব বিচাৰিছে।'

টুইটত তেওঁ পুনৰ লিখিছে, 'আমাৰ দেশত এনে বহু মুছলমান আছে, যি সকল এই সন্মানৰ যোগ্য। কিন্তু ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰি বৰ্তমানৰ চৰকাৰে তেওঁলোকৰ মহানুভৱতাৰ পৰিচয় দিয়াৰ চেষ্টা চলাইছে। কিন্তু প্ৰকৃত সত্যটো হৈছে- তেওঁলোকে ভাৰতীয় সমাজ ব্যৱস্থাত সৃষ্টি কৰা বিভিন্ন সমস্যাসমূহ ঢাকি ৰাখিবলৈহে এনে কাৰ্য কৰিছে।'

উল্লেখ্য যে, লণ্ডনত জন্মগ্ৰহণ কৰা আদনান ছামীৰ পিতৃ আছিল পাকিস্তানী বায়ু সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়া। ২০১৫ চনত আদনান ছামীয়ে ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন জনায় আৰু ২০১৬ চনৰ জানুৱাৰীত তেওঁ এই দেশৰ নাগৰিকত্ব লাভ কৰে। একেৰাহে সংগীত পৰিচালক, গায়ক, সংগীত প্ৰযোজক আদনান ছামীয়ে বলীউডৰ লগতে কেইবাটাও এলবামত গীত গাইছে।

শনিবাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা পদ্মশ্ৰী সন্মান লাভ কৰা ১১৮ গৰাকী ব্যক্তিৰ তালিকাত আছে গায়ক আদনান ছামীৰো নাম। সংগীত জগতলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই সন্মান প্ৰদান কৰিছে চৰকাৰে। ইফালে ভাৰত চৰকাৰৰ পৰা এই সন্মান লাভ কৰি আনন্দ ব্যক্ত কৰে আদনান ছামীয়ে। তেওঁ কয়, 'এয়া মোৰ আৰু মোৰ পৰিয়ালে লাভ কৰা এক ডাঙক কৃতিত্ব। ইয়াৰ বাবে মই যথেষ্ট সুখী।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in