ওৰাঙলৈ ৰাওনা বিধায়ক পদ্ম হাজৰিকা, প্ৰশিক্ষণ দিব গোৱালপাৰাত ট্ৰেংকুলাইজ কৰা হাতীটোক…

ওৰাঙলৈ ৰাওনা বিধায়ক পদ্ম হাজৰিকা, প্ৰশিক্ষণ দিব গোৱালপাৰাত ট্ৰেংকুলাইজ কৰা হাতীটোক…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ওৰাঙলৈ যাব বিধায়ক পদ্ম হাজৰিকা। গোৱালপাৰাত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছতে বন বিভাগে নোৱাৰাত চতিয়াৰ বিধায়কগৰাকীৰ নেতৃত্বত যোৱা এটা দলে ট্ৰেংকুলাইজ কৰা হাতীটোৰ প্ৰশিক্ষণ দিয়া হ'ব ওৰাঙত। বৰ্তমানো ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ চিকিৎসকৰ দল এটাই বাহৰ পাতি পৰ্যবেক্ষণ কৰিছে পূৰ্বে লাডেন আৰু পৰৱৰ্তী সময়ত কৃষ্ণ নামেৰে জনাজাত হাতীটোৰ স্বাস্থ্যৰ অৱস্থা।

বন বিভাগে হাতীটোক প্ৰশিক্ষণ দিয়াৰ বাবে দায়িত্ব লৈছিল যদিও এই কাৰ্যত পতিয়ন যাব পৰা নাই বিধায়কগৰাকী। সেইবাবেই বৃহস্পতিবাৰে ওৰাঙলৈ ৰাওনা হৈছে তেওঁ। বিধায়কগৰাকীয়ে ওৰাঙত প্ৰশিক্ষণ দি কাৰ্যক্ষম কৰি তুলিব হাতীটো।

পৰ্যটকসকলে ব্যৱহাৰ কৰিব পৰাকৈ হাতীটোক প্ৰশিক্ষণ দিয়াৰ কাৰ্যত জড়িত হ'ব বিধায়কগৰাকী। ইফালে পদ্ম হাজৰিকাৰ সৈতে হাতীটোক প্ৰশিক্ষণ দিয়াৰ বাবে ওৰাঙলৈ ৰাওনা হৈছে তেওঁৰ সহযোগী মাউতো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in