বহু বছৰ ধৰি পালিত হৈ অহা দৰঙৰ সৰ্ববৃহৎ পাচেতি উৎসৱ,কোৰোনাৰ বাবে বন্ধ কৰিলে সত্ৰ পৰিচলনা সমিতিয়ে

বহু বছৰ ধৰি পালিত হৈ অহা দৰঙৰ সৰ্ববৃহৎ পাচেতি উৎসৱ,কোৰোনাৰ বাবে বন্ধ কৰিলে সত্ৰ পৰিচলনা সমিতিয়ে

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ খটৰা সত্ৰই প্ৰায় ৫০০ বছৰ ধৰি ৰাজ্য খনৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত অসমীয়া সমাজ জীৱনলৈ বিশেষ অৰিহণা যোগাই আহিছে। খটৰা সত্ৰ বহ্মপুত্ৰৰ উত্তৰ পাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ছিপাঝাৰৰ পৰা উত্তৰ পশ্চিমে প্ৰায় ১৩ কিলোমিটাৰ দূৰত ,জিলা সদৰ মঙলদৈৰ পৰা ২২ কিলোমিটাৰ দূৰত অৱস্থিত । এই সত্ৰ খনলৈ বছৰৰ বাৰ মাহে বিভিন্ন ঠাইৰ পৰা অগনন ভক্তৰ বিপুল সমাগমে সত্ৰখনৰ জনপ্ৰিয়তাকে সূচাই আহিছে। মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈয়ে ১৫৬৮ চনত এই খটৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল । মাধৱদেৱৰ বাৰজন ধৰ্মাচাৰ্যৰ সপ্তমজনা ধৰ্মাচাৰ্য গোবিন্দ আতৈৰ জন্ম হৈছিল ৰঙিয়াৰ লেচাকোনা নামে গাঁৱত। আতৈয়ে মাধৱদেৱৰ সান্নিধ্যলৈ আহি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসৰ্গ কৰিছিল।

আতৈৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ মাধৱদেৱে এদিন শুভ ক্ষণত তেওঁক ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ দৰঙলৈ যাবলৈ আজ্ঞা দিয়ে। এই কথাত গোবিন্দ আতৈ অতিশয় সন্তোষ মনে মাধৱদেৱৰ ওচৰৰ পৰা তিনিজন ধৰ্মপ্ৰাণ ভকতক লগত লৈ দৰঙলৈ যাত্ৰা কৰে। অবিভক্ত দৰঙৰ ৰৌতাত গুৰুজনাই ছমাহ কাল কটাইছিল যদিও ধৰ্মীয় প্ৰসাৰৰ ক্ষেত্ৰত সফল হ'ব পৰা নাছিল। কিন্তু আতৈয়ে পৰৱৰ্তী কালত মাধৱদেৱৰ আশিসলব্ধ হৈ ভকত তিনিজনৰ লগত আহি প্ৰথমে ভুলুমুখলৈ যায় যদিও তাত সত্ৰ স্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে বানপানীৰ বাবে সফলতা লাভ কৰিব পৰা নাছিল। যাৰ ফলত আতৈয়ে আন সুবিধাজনক ঠাইৰ সন্ধানত ঘূৰি ননৈ নৈৰ পাৰৰ হাবি-জংঘলেৰে আগুৰা ঠাইত উপস্থিত হৈ এডোখৰ ঠাইত বাহৰ পাতি হৰিৰ নাম-প্ৰসঙ্গৰ জৰিয়তে মুক্তি লাভ কৰাৰ ধৰ্মীয় পথ প্ৰদৰ্শনৰ প্ৰচেষ্টা হাতত লয়।

খটৰা সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা কম বেছি পৰিমাণে বিভিন্ন অনুস্থান অনুস্থিত হৈ আহিছে এই অনুস্থান সমুহ হল নন্দোৎসৱ, বোকা ভাওনা, পাচেতি, ফাকুৱা, গোবিন্দ আতৈৰ তিৰোভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি, দেউল উৎসৱ, বৰসবাহ, বৰ গোপিনী সবাহ, বিহু উৎসৱ৷ এই অনুষ্ঠানসমূহৰ লগত নাম-প্ৰসঙ্গ জড়িত হৈ থাকে৷ তদুপৰি বিশেষ কিছু অনুষ্ঠানৰ লগত নৃত্য-গীতো পৰিৱেশন কৰা হয়৷ ইয়াৰ উপৰিও ব্যাস সঙ্গীত, গোন্ধৰ গীত, খোল বাদ্য, খোল নৃত্য, চৌধ প্ৰসঙ্গ সত্ৰখনিত অনুষ্ঠিত হয়৷ নিত্য প্ৰসঙ্গত প্ৰাতঃ প্ৰসঙ্গ, জাগৰণ বা চলনৰ গীত, দেৱ ভটিমা, ঘোষা আৰু ভাগৱত পাঠ পৰিৱেশন কৰা হয়। দুপৰীয়াৰ প্ৰসঙ্গ আৰু সন্ধিয়াৰ প্ৰসঙ্গ, থিয়নাম, চেওচাপৰি নাম, ভাওনা আদি প্ৰদৰ্শন কৰা হৈ আহিছে।

খটৰা সত্ৰত অনুষ্ঠিত বিভিন্ন উৎসৱৰ ভিতৰত পাচেতি উৎসৱ অতি উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। ভাদ আহিন মাহৰ দোমাহিৰ দিনা আৰু আহিন মাহৰ প্ৰথম দিনটোত এই পাচেতি উৎসৱ পালন কৰা হয় ৷ জিলাৰ শ্ৰমজীৱি কৃষক জনসাধাৰণে বাৰিষাৰ কৃষি কৰ্ম সামৰি আনন্দৰে এই পাচেতি উৎসৱ পালন কৰে। 'পচতি', 'পাচতি' বা 'পঁচতি' উৎসৱ দৰং জিলাত পাচেতি ৰূপে পৰিচিত৷ বহু যুগৰ আগৰে পৰা অসমত প্ৰচলিত এটি অৰ্দ্ধ নাটকীয় অনুষ্ঠান পাচেতি৷ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে– "পাচতি গোৱা দস্তৰটো প্ৰাক্‌ শংকৰদেৱৰ যুগৰ পৰাই চলি আহিছে৷ জন্ম, মৃত্যু আৰু বিবাহক কেন্দ্ৰ কৰি আমাৰ সমাজত বহু ৰীতি-নীতি, উৎসৱ, ক্ৰিয়া চলি আছে৷ পাচতি উৎসৱটি ল'ৰা-ছোৱালী জন্ম হোৱাৰ পাঁচ দিনৰ দিনাখন কৰা কৃত্য বিশেষ ।

পাচেতিৰ লগত জড়িত লোক বিশ্বাস: পাচেতি উৎসৱত অনুষ্ঠিত 'দধিমথন' কাৰ্য দৰ্শন কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি জনবিশ্বাস চলি আহিছে৷ পাচেতিৰ সময়ত মন্দিৰ দৰ্শন কৰিলে বিবাহ যোগ্যসকলৰ বিবাহ কাৰ্য সম্পন্ন হয় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে৷

দেশৰ লগতে ৰাজ্যখন এতিয়া স্তব্ধ, আজি প্ৰায় ছয়মাহ ধৰি স্তব্ধ জনজীৱন, বন্ধ হাত-বজাৰ, দোকান-পোহাৰ, স্কুল কলেজ। চৰকাৰে এই কৰোনা মহামাৰী সংক্ৰান্তত ঘোষণা কৰা লকডাউনৰ কিছু কিছু শিথিলতা ঘোষণা কৰি জনজীৱন কিছু স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিছে যদিও কৰোনা মহামাৰী ৰ প্ৰকোপ বাঢ়ি গৈয়ে আছে ,সেই বাবেই চৰকাৰে গনসংক্ৰমন পৰা হাত সাৰিবলৈ ৰাজহুৱা সভা সমিতি, উৎসৱ পাৰ্বন অনুস্থিত কৰিবলৈ বাধা প্ৰদান কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিত শ শ বছৰ পূৰ্বেৰে পৰা জাকজমকতাৰে অনুস্থিত হৈ অহা দৰঙৰ সকলো ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰা খটৰা সত্ৰৰ এই পাচেতি উৎসৱ খটৰা সত্ৰ পৰিচলনা সমিতি আৰু দৰং জিলা প্ৰশাসনৰ সিদ্ধান্ত মৰ্মে অনুস্থিত নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সত্ৰৰ প্ৰাঙ্গণত কেৱল মাত্ৰ কোভিড ৰ নীতি নিয়মৰ মাজত অনুষ্টুপীয়া কৈ এই পাচেতি উৎসৱ পালিত হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in