পবিতৰা অভয়াৰণ্যত দুটাকৈ পোৱালি গড়ৰ মৃত্যু…

পবিতৰা অভয়াৰণ্যত দুটাকৈ পোৱালি গড়ৰ মৃত্যু…

ডিজিটেল সংবাদ,মায়ংঃ এশিঙীয়া গড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যত সপ্তাহটোৰ ভিতৰত ২ টাকৈ গড়ৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমীসকলক চিন্তিত কৰি তুলিছে। জানিব পৰা মতে, কালি পুৱা তামুলীডোবা এলেকাত এটি দুবছৰীয়া গড় মৃত অৱস্থাত উদ্ধাৰ কৰে বনকৰ্মীয়ে।

পৰবৰ্তী পৰ্য্যায়ত বনবিভাগে মৃত গড়পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। উল্লেখ্য যে, সোমবাৰেও এটি গড়ৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰিছিল বনবিভাগে। বনবিভাগৰ এক সূত্ৰ ই জানিব দিয়া মতে সোমবাৰে উদ্ধাৰ হোৱা প্ৰায় এবছৰীয়া গড়পোৱালিটো গড়ৰ মাজত হোৱা যুঁজৰ ফলতেই আহত হয় আৰু পিছত মৃত্যুক আকোৱালি লয়।

উল্লেখযোগ্য যে, প্ৰতি বছৰে এনেদৰে গঁড়ৰ মাজত সংঘাত হৈ মৃত্যু হোৱাৰ ঘটনা ঘটি থাকে।তাৰে কিছু সংখ্যক ৰ খড়্গ চিগি পৰি যায় আৰু কেতিয়াবা অক্ষত অৱস্থাত থাকি যায়।কম মাটিকালি ত অধিক গঁড়ৰ মুক্ত বিচৰণ দেখা পোৱা যায় অভয়াৰণ্য খনত।সেয়ে এনেদৰে গঁড় আৰু বনৰীয়া ম'হে নিজৰ মাজতে সংঘাত লাগে বুলি জানিব পৰা যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in