শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ইতিহাস ৰচি বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজ্বলিল পি ভি সিন্ধু, বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ…

403

ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুয়ে ৰচিলে ইতিহাস। ২৪ বৰ্ষীয় সিন্ধুয়ে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত আজুৰি আনিলে সোণৰ পদক। বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছে সিন্ধুৱে। দেওবাৰে ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা এই ফাইনেল খেলখনত সিন্ধুৱে জাপানৰ প্ৰতিদ্বন্দ্বী ন’জ’মী অকহাৰাক ২১-৭, ২১-৭ স্ক’ৰৰ ব্যৱধানত পৰাস্ত কৰে।

Image result for PV Sindhu enters finals hindi

উল্লেখ্য যে, পি ভি সিন্ধুৱে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত এইবাৰৰ সোণৰ পদকৰ সৈতে মুঠ ৫ টাকৈ পদক অৰ্জন কৰিছে। ধাৰাবাহিকভাৱে সিন্ধুৱে এইবাৰৰ সৈতে ৩ বাৰ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিগত ২ বাৰৰ ফাইনেলত ৰূপৰ পদকতে সন্তুষ্ট হ’ব লগা হৈছিল সিন্ধু। কিন্তু ২০১৯ৰ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত অতি আত্মবিশ্বাসেৰে খেলা সিন্ধুৱে ২০১৯ চনৰ বিশ্ব চেম্পিয়ন জাপানৰ ন’জ’মী অকহাৰাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

সিন্ধুৱে ইয়াৰ আগতে বিশ্ব চেম্পিয়নশ্বীপত ২০১৩ আৰু ২০১৪ বৰ্ষত ব্ৰঞ্জ আৰি ২০১৭, ২০১৮ বৰ্ষত ৰূপৰ পদক অৰ্জন কৰিছিল। বিগত দুটা বৰ্ষত সোণৰ পদকৰ পৰা বঞ্চিত হোৱা সিন্ধুৱে এইবাৰ কোৱাৰ্টাৰ ফাইনেলত পূৰ্ব চেম্পিয়ন টাই জু য়িং আৰু ছেমি ফাইনেলত মাত্ৰ ৪০ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী ছেন য়ু ফেইক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

পি ভি সিন্ধুৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে সিন্ধু শুভেচ্ছা জ্ঞাপন কৰিলে। টুইটাৰত মোডীয়ে লিখিলে- পি ভি সিন্ধুয়ে দেশবাসীক পুনৰ গৌৰাৱাম্বিত কৰিলে। তেওক জনাইছো অলেখ শুভকামনা।

ইফালে সিন্ধুৰ হায়দৰাবাদৰ বাসগৃহত ভিৰ কৰিছেহি অগণন গুণমুগ্ধই। পৰিয়ালৰ লোকক মিঠাই খোৱাই সকলোৱে উদযাপন কৰিলে সিন্ধুৰ এই বিৰল সফলতা। পি ভি সিন্ধুৰ মাতৃ পি বিজায়াই কয়- ‘আমি বহু সুখী। আৰু আমি সেই সোণৰ পদকটোৰ বাবেই অপেক্ষা কৰি আছিলো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি