শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

পি ভি সিন্ধুৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয়…

ডিজিটেল ডেস্ক : কমনৱেলথ গেমছৰ ৭ম দিনত হিমা দাসৰ পাছত আন এক ভাল খবৰ। বেডমিন্টনৰ চিংগলছৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয় পি.ভি সিন্ধুৰ। ফাতিমা নাবাহা আব্দুল ৰজকৰ সৈতে ২১-৪, ২১-১১ ব্যৱধানত জয় লাভ কৰে সিন্ধুৱে।

আনহাতে হিমা দাসে ২০০ মিটাৰ দৌৰৰ হিটছত প্ৰথম স্থান লাভ কৰি পদক নিশ্চিত কৰে। ২৩.৪২ ছেকেণ্ডত হিমাই অতিক্ৰম কৰে এই দূৰত্ব। উল্লেখ্য যে যোৱা ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতে ৬ষ্ঠ দিনৰ লৈকে মুঠ ১৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

সোণৰ পদক ৫টা, ৰূপৰ পদক ৬টা আৰু ব্ৰঞ্জৰ পদক ৮টাৰে মুঠ ১৮টা পদক লাভ কৰি ভাৰত তালিকাৰ ৭ম স্থানত থাকিবলৈ সক্ষম হৈছে। তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়া। বৰ্তমানেও ভাৰতলৈ বহু পদক অহাৰ সম্ভাৱনা প্ৰায় নিশ্চত।

আৰু পঢ়ক : যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ…