নিজে উদ্বোধন কৰা চিবিআইৰ কাৰ্যালয়ৰ লক আপত পি চিদাম্বৰম, চাওক VIDEO…

নিজে উদ্বোধন কৰা চিবিআইৰ কাৰ্যালয়ৰ লক আপত পি চিদাম্বৰম, চাওক VIDEO…

ডিজিটেল ডেস্কঃসুদীৰ্ঘ ৩০ ঘন্টা শ্বাসৰুদ্ধকৰ ঘটনাৱলীৰ পাছত বৃহস্পতিবাৰে নিশা ১০.১০ বজাত দিল্লীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক। নিশাই চিদাম্বৰমক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত কাৰ্যালয়টোৰ ৩নং লক আপত ৰখা হয় চিদাম্বৰমক।

চিদাম্বৰমক গ্ৰেপ্তাৰ কৰি লৈ যোৱা চিবিআইৰ মুখ্য কাৰ্যালয়ৰ এই ভৱনটো ইউপিএ চৰকাৰৰ গৃহমন্ত্ৰী হৈ থকা সময়ত উদ্বোধন কৰিছিল পি চিদাম্বৰমে। বৰ্তমানো চিবিআইৰ কাৰ্যালয়টো মনমোহন চৰকাৰৰ দিনত ২০১১ চনত নিৰ্মাণ কৰা হৈছিল।

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত আছিল পি চিদাম্বৰম আৰু মুখ্য অতিথি আছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। কাৰ্যালয়টোৰ উদ্বোধনৰ পাছতে চিবিআইৰ বিষয়া বৰ্গই বৰ্তমান চিদাম্বৰমক ৰখা এই বিশেষ লক আপ কেইটা দেখুৱাই কৈছিল যে- এই কেইটা হৈছে আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ লক আপ। য'ত ভেন্টিলেছনৰ সম্পূৰ্ণ সুবিধা আছে।

এসময়ত বিত্তমন্ত্ৰী হিচাবে চিবিআইৰ কাৰ্যালয় উদ্বোধন কৰা পি চিদাম্বৰমেই এতিয়া সেই লক আপৰ আলহী। চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ ঘটনাক লৈ কংগ্ৰেছে বিজেপিৰ এয়া কুটিল ৰাজনীতি বুলি অভিহিত কৰাৰ বিপৰীতে বিজেপিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে।

এনে অভিযোগ-প্ৰত্যাভিযোগৰ মাজতে বৃহস্পতিবাৰে দিনৰ ২ বজাত চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব পি চিদাম্বৰমক। ইতিমধ্যে পি চিদাম্বৰমৰ বাবে চিবিআইয়ে সাজু কৰিছে এশৰো অধিক প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in