তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক…

তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক…

ডিজিটেল ডেস্কঃ পি চিদাম্বৰমে সোমবাৰে ভৰি থলে ৭৪ বছৰ বয়সত। তিহাৰ জেলতে ৭৪ সংখ্যক জন্মদিন পালন কৰিলে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে। আই এন এক্স মিডিয়া কেলেংকাৰীত অভিযুক্ত হৈ বৰ্তমান তিহাৰৰ জেলত বন্দী হৈ থকা চিদাম্বৰমক জন্মদিনত অসংখ্যজনে ছচিয়েল মিডিয়াযোগেই দিলে ওপজাদিনৰ শুভকামনা। প্ৰাপ্ত খবৰ অনুসৰি জেলত থকা অন্য দিনবোৰৰ দৰেই আজিৰ দিনটোও পাৰ কৰিলে পি চিদাম্বৰমে। পুৱাই পুত্ৰ কীৰ্তি চিদাম্বৰম আৰু অধিবক্তা তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কপিল চিব্বালে সাক্ষাৎ কৰে চিদাম্বৰমক। জেলৰ অধীক্ষকে সংবাদমাধ্যমক জনোৱানুসৰি প্ৰায় ৩০ মিনিট সময় দুয়োৰে সৈতে বাৰ্তালাপ কৰে চিদাম্বৰমে।

ইফালে চিদাম্বৰমৰ জেলত থকা সময়খিনিত পৰিয়ালৰ লোকে ব্যৱহাৰ কৰি থকা তেওঁৰ টুইটাৰ একাউন্টতো সোমবাৰে জন্মদিনৰ উপলক্ষে দিয়া হল টুইট। পি চিদাম্বৰমৰ মুখেৰেই টুইটটোত কোৱা হৈছে- মোৰ পৰিয়ালে মোক জন্মদিনত শুভকামনা জ্ঞাপন কৰা সকলোৰে খবৰ মোক দিছে। সকলোৰে মৰমত মই অভিভূত। তেওঁলোকৰ এই মৰমৰ পাই মই নিজকে ৭৪ বছৰীয়া এজন ডেকা নিচিনাহে লাগিছে। সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ। মই বৰ্তমান দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তিত। দেশত ভয়ংকৰ সংকটৰ দিশে। ভগৱানে দেশখনক ৰক্ষা কৰক।

উল্লেখ্য যে, যোৱা ২১ আগষ্টত দিল্লীৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীজনক। ইয়াৰ পাছতে ১৯ ছেপ্তেম্বৰলৈকে ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয় তেওঁক। ইফালে চিদাম্বৰমৰ জামিন আবেদনক লৈ অহা ২৩ ছেপ্তেম্বৰত শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in