তিহাৰ জেলেই এতিয়া চিদাম্বৰামৰ ঠিকনা…

তিহাৰ জেলেই এতিয়া চিদাম্বৰামৰ ঠিকনা…
  • প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰামৰ নতুন ঠিকনা হ'ব তিহাৰ জেল।
  • ১৪ দিনৰ বাবে তিহাৰ জেললৈ প্ৰেৰণ কৰা হ'ল আই এন এক্স মিডিয়া গোচৰ চিবিআইয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।
  • তিহাৰ জেলত জেড কেটগৰীৰ নিৰাপত্তাৰে পৰিবেষ্টিত হৈ পৃথক কোঠাত থাকিব চিদাম্বৰাম।
  • বৃহস্পতিবাৰে অন্ত পৰিছিল চিদাম্বৰামৰ চিবিআইৰ জিম্মা।
  • তাৰপাছতেই চিদাম্বৰামক আদালতে ১৪দিনৰ ন্যায়িক জিম্মাত তিহাৰ জেললৈ প্ৰেৰণ কৰে।
  • ১৯ ছেপ্টেম্বৰলৈকে তিহাৰ জেলত থাকিব লাগিব চিদাম্বৰাম।
  • তিহাৰ জেলৰ মহাপৰিদৰ্শক সন্দিপ গোৱেলে জানিব দিয়া মতে, ৭ নং জেলৰ এটা পৃথক কোঠাত তেওঁক ৰখা হৈছে।
  • ৰাতি খাবলৈ তেওঁক দিয়া হয় ৰুটী, চবজি আৰু দাইল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in