পজিটিভ নে নিগেটিভঃ মাত্ৰ ৫মিনিটতে কোৰোনাৰ ৰিজাল্ট…

পজিটিভ নে নিগেটিভঃ মাত্ৰ ৫মিনিটতে কোৰোনাৰ ৰিজাল্ট…

ডিজিটেল ডেস্কঃ কোনো এগৰাকী লোক কোৰোনাত আক্ৰান্ত হয়নে নহয় মাত্ৰ ৫মিনিটতে পাব ৰিজাল্ট। শেহতীয়াকৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক সকলে এনে এবিধ ৰেপিড এন্টিজেন কিট উদ্ভাৱন কৰিছে, যি কিটৰ জৰিয়তে মাত্ৰ ৫মিনিটতে পাব কোৰোনাৰ ৰিজাল্ট।

এই কিটটোৰ সন্দৰ্ভত বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনে অনুষ্ঠানিকভাৱে সদৰি কৰিছে। বিশ্ববিদ্যালখনে প্ৰকাশ কৰা তথ্য অনুসৰি, উৰাজাহাজ বা বৃহত সংখ্যক লোকক কমসময়ৰ ভিতৰতে এই কিটৰ জৰিয়তে পৰীক্ষণ কৰিব পৰা হয়। ২০২১ৰ প্ৰথমভাগৰ পৰা এই কিট বজাৰত মুকলি কৰি দিয়া হব। আৰু ৬মাহৰ ভিতৰত সমগ্ৰ বিশ্বতে উপলদ্ধ হব এই কিটবিধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in