প্ৰধানমন্ত্ৰী মোডীয়ে তিনি তালাক বিল নোহোৱা কৰি মুছলমান মহিলাক ন্যায় দিয়া নাইঃ অছাদুদ্দিন ওৱেছী

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মতৰ অমিল থকা বিভিন্ন ৰাজনৈতিক নেতাই মাজে সময়ে নিজৰ মুখৰ কথাৰ বাবে চৰ্চাৰ বিষয় হৈ পৰা দেখিবলৈ পোৱা যায়। এইবাৰ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰিছে এ আই এম আই এম নেতা অছাদুদ্দিন ওৱেছীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনি তালাক বিল নোহোৱা কৰি মুছলমান মহিলাক ন্যায় দিয়া নাই বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে।

তেওঁ কয় যে, তিনি তালাক বিলৰ দ্বাৰা মুছলমান মহিলাক ন্যায় দিছো বুলি প্ৰধানমন্ত্ৰীয়ে ভাবিছে যদি এই কথা ভুল। যদিহে আপুনি প্ৰকৃততে ন্যায় দিব বিচাৰিছে তেন্তে মাৰাঠাৰ দৰে আসন সংৰক্ষণ কৰক মুছলমান মহিলাৰ বাবে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in